নিউজ ডেস্ক, 21 মে’:শনিবাৰে শপত গ্ৰহণ কৰিলে কৰ্ণাটকৰ নতুন চৰকাৰে ৷ কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ সিদ্দৰামায়াৰ আৰু উপ-মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ ডি কে শিৱকুমাৰৰ ৷ কিন্তু কৰ্ণাটকত কংগ্ৰেছৰ বিশাল জয়ৰ পাচতো সুখী নহয় উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ ৷ উপ-মুখ্যমন্ত্ৰী হিচাবে দায়িত্ব লোৱাৰ এদিন পাচতেই অৰ্থাৎ দেওবাৰে দলীয় নেতাসকলৰ আগত এই কথা প্ৰকাশ কৰে ডি কে শিৱকুমাৰে (Deputy CM DK Sivakumar)৷
তেওঁ কয়, ‘‘এই ফলাফলক লৈ মই সুখী নহয় ৷ এইবাৰ আমাৰ লক্ষ্য হ’ব আগন্তুক লোকসভা নিৰ্বাচন ৷’’ তেওঁ লগতে কয়, ‘‘আমি 135 খনতকৈ অধিক আসন লাভ কৰিলো ৷ কিন্তু মই সুখী হোৱা নাই ৷ গতিকে মোৰ গৃহলৈ বা সিদ্দাৰামায়াৰ গৃহলৈ অহাৰ কোনো প্ৰয়োজন নাই ৷ আমাৰ পৰৱৰ্তী লক্ষ্য হৈছে লোকসভা নিৰ্বাচন আৰু আমি অতি ভালকৈ যুঁজ দিব লাগিব (DK Sivakumar says not happy) ৷’’
ইফালে, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই (Karnataka CM Siddaramaiah) কয় যে কৰ্ণাটকত কোনো বিজেপিয়েই সন্ত্ৰাসবাদৰ ফলত প্ৰাণ হেৰুওৱা নাই কিন্তু তেওঁলোকে কেৱল অভিযোগ কৰে যে কংগ্ৰেছে সন্ত্ৰাসবাদক সমৰ্থন কৰে ৷