নেশ্যনেল ডেস্ক,১৮ মাৰ্চ: কৰ্ণাটক উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে ভূমি অধিগ্ৰহণৰ বাবে অধিসূচনা বাতিলৰ গোচৰ সন্দৰ্ভত লোকায়ুক্ত আদালতক আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । ন্যায়ালয়ৰ এই নিৰ্দেশে বিপদ মাতিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পা, প্ৰাক্তন মন্ত্ৰী কাট্টা সুব্ৰমন্যা নাইডুলৈ । কিয়নো, দুয়োৰে বিৰুদ্ধে হুভিনায়াকানাহালি গাঁৱৰ ২০ একৰ ভূমি অধিগ্ৰহণৰ বাবে অধিসূচনা বাতিলৰ অভিযোগ উত্থাপিত কৰিছিল আলম পাছা নামৰ এগৰাকী ব্যৱসায়ীয়ে ।
সম্প্ৰতি লোকায়ুক্ত আদালতক আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে কৰ্ণাটক উচ্চ ন্যায়ালয়ে । উল্লেখ্য যে, ২০১১ চনৰ ২০ আগষ্টত লোকায়ুক্ত আদালতত আলম পাছাই ব্যক্তিগত অভিযোগ দাখিল কৰে । অভিযোগ অনুসৰি, দুয়োগৰাকী নেতাই উদ্যোগ নিৰ্মাণৰ বাবে অধিসূচনা বাতিল কৰিছে । ইয়াৰ পিছতে লোকায়ুক্ত আদালতে আৰক্ষীক এই সন্দৰ্ভত তদন্ত কৰিবলৈ আৰু এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।