অসম

assam

ETV Bharat / bharat

দিল্লীত নতুনকৈ শতাধিক ডেংগুত আক্ৰান্ত - Dengue

দিল্লীত ডেংগুত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে (Dengue cases increasing in Delhi)। যোৱা এসপ্তাহত শতাধিক লোক এই ৰোগত আক্ৰান্ত হৈছে । এই তথ্য় সদৰি কৰিছে স্বাস্থ্য় বিভাগে ।

Dengue cases increasing in Delhi
দিল্লীত নতুনকৈ শতাধিক ডেংগুত আক্ৰান্ত

By

Published : Sep 19, 2022, 8:25 PM IST

নেশ্য়নেল ডেস্ক, ১৯ছেপ্টেম্বৰ:অতি সম্প্ৰতি দেশত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা (Dengue cases increasing in India)। ঠায়ে ঠায়ে পানী জমা হোৱাৰ বাবে ডেংগু মহৰ বংশ বৃদ্ধি পাইছে । বিশেষজ্ঞসকলৰ মতে এই কাৰণেই ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । উল্লেখ্য় যে ডেংগু (Dengue)হৈছে মহৰ দ্বাৰা হোৱা ৰোগ ।

দেশৰ ৰাজধানী দিল্লীত ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । যোৱা এসপ্তাহত শতাধিক লোক এই ভাইৰাছত আক্ৰান্ত হৈছে । এই তথ্য় সদৰি কৰিছে স্বাস্থ্য় বিভাগে । স্বাস্থ্য় বিভাগৰ সূত্ৰ অনুসৰি ৰাজধানী চহৰখনত ৰোগীৰ সংখ্যা চলিত বছৰটোত বৰ্তমানলৈকে ৪০০ হৈছেগৈ । ইপিনে,সোমবাৰে প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এই মাহত ১৭ ছেপ্টেম্বৰলৈ ১৫২ গৰাকী লোক আক্ৰান্ত হৈছে । উল্লেখ্য় যে চহৰখনত ৯ ছেপ্টেম্বৰলৈকে ২৯৫ টা ডেংগুত আক্ৰান্ত ৰোগীক চিনাক্ত কৰা হৈছে । লক্ষ্যনীয় যে, যোৱা এসপ্তাহতে ১০১ গৰাকী নতুন কৈ আক্ৰান্ত হৈছে । অৱশ্য়ে এই বছৰত এতিয়ালৈকে কোনো ৰোগীৰ মৃত্যু হোৱা নাই ।

ডেংগু জ্বৰক ব্ৰেক ব’ন ফিভাৰ বুলিও কোৱা হয় । এডিছ মহৰ কামোৰৰ ফলত এই ডেংগু ৰোগে দেখা দিয়ে । এই সংক্ৰমণ ফ্লেভিভিৰিডে পৰিয়ালৰ এটা ভাইৰাছৰ চেৰ'টাইপৰ DENV-1, DENV-2, DENV-3 আৰু DENV-4ৰ ফলত হয় । কিন্তু এই ভাইৰাছবোৰ ১০ দিনতকৈ বেছি সময় জীয়াই নাথাকে ।

যেতিয়া ডেংগু সংক্ৰমণ তীব্ৰ হৈ পৰে তেতিয়া ডেংগু হেমৰেজিক ফিভাৰ (Dengue Hemorrhagic Fever) বা ডি এইচ এফ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । প্ৰচণ্ড ৰক্তক্ষৰণ, হঠাতে ৰক্তচাপ কমি যোৱা, আনকি ভুক্তভোগীৰ মৃত্যুও হ'ব পাৰে । ডি এইচ এফক ডেংগু শ্বক চিনড্ৰম(Dengue shock syndrome) বুলিও কোৱা হয় । এই ৰোগ অধিক গুৰুতৰ হোৱাত তৎক্ষণাত ৰোগীক চিকিৎসালয়ত ভৰ্তি নকৰিলে ৰোগীৰ মৃত্যু হোৱাৰো সম্ভাৱনা প্ৰকট হৈ পৰে । ডেংগুৰ কোনো নিৰ্দিষ্ট চিকিৎসাৰ ব্যৱস্থা নাই । কিন্তু ইয়াৰ লক্ষণসমূহ ধৰা পৰিলেই ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায় ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰ অভিধানত অসম্ভৱ শব্দ নাই : ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details