নেশ্যনেল ডেস্ক, 8 নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিমুদ্ৰাকৰণ ঘোষণা কৰাৰ সোমবাৰে পাঁচ বছৰ সম্পূৰ্ণ হয় ৷ আজিৰ দিনটোতে ২০১৬ চনত প্ৰধানমন্ত্ৰী মোডীয়ে দেশত বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰিছিল ৷ যাৰ লগে লগে একেদিনাই মাজনিশাৰ পৰা ৫০০ আৰু ১০০০ নোট বিমুদ্ৰাকৰণ কৰা হয় । বিমুদ্ৰাকৰণৰ পিছত দেশত ধনৰ লেনদেনৰ ক্ষেত্ৰত বহুখিনি সাল-সলনি ঘটে ৷
বিমুদ্ৰাকৰণ ঘোষণাৰ পিছত ডিজিটেল লেনদেন বৃদ্ধি হয় ৷ তাৰ পিছতো কিন্তু প্ৰচলিত নোটৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পায় । বিগত দুটা বছৰ ক’ভিড 19 মহামাৰীৰ বাবে সাধাৰণ লোকে বিপদৰ সময়ত সততে পোৱাকৈ নগদ ধন ৰখাটো ভাল বুলি ভাবিছিল । সেই কাৰণে বিগত বিত্তীয় বৰ্ষত নোটৰ প্ৰচলন বৃদ্ধি কৰা হৈছিল । চৰকাৰী তথ্য অনুসৰি, ডেবিট/ক্ৰেডিট কাৰ্ড, নেট বেংকিং আৰু ইউনিফাইড পেমেণ্টইণ্টছ ইণ্টাৰফেচ (UPI)ৰ দৰে মাধ্যমৰ জৰিয়তে ডিজিটেল পৰিশোধ যথেষ্ট বৃদ্ধি পাইছে ।
শেহতীয়াকৈ UPI দেশৰ বিত্তীয় লেনদেনৰ এক মুখ্য মাধ্যম হিচাপে পৰিচিত হৈছে ৷ তাৰ পিছতো কিন্তু ব্যৱহাৰ অব্যাহত আছে নোটৰ ৷
প্ৰধানমন্ত্ৰী মোডীয়ে ২০১৬ চনৰ ৮ নৱেম্বৰৰ মাজনিশাৰ পৰা সেই সময়ত প্ৰচলিত ৫০০ আৰু ১০০০ টকাৰ নোট বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰিছিল ৷ এই সিদ্ধান্তৰ মূল উদ্দেশ্য আছিল ডিজিটেল লেনদেনৰ প্ৰচাৰ কৰাৰ লগতে ক'লা ধন নিয়ন্ত্ৰণ কৰা ।