নিউজ ডেস্ক, ৮ অক্টোবৰ :ৰাজহুৱা সম্পত্তিৰ ওপৰত অকৰ্তৃত্বশীলভাৱে নিৰ্মাণৰ বিৰুদ্ধে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান (demolition drive of illegal constructions) । গুজৰাটৰ সৌৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলত এই উচ্ছেদৰ বিৰুদ্ধে সংখ্যালঘু সম্প্ৰদায়ৰ ব্যাপক প্ৰতিবাদ (massive protests by the minority community) । পোৰবন্দৰত আৰম্ভ হোৱা এই প্ৰতিবাদত অংশগ্ৰহণকাৰী ১২৫ জনৰ বিৰুদ্ধে নিষিদ্ধ আদেশ উলংঘা কৰাৰ অপৰাধত গোচৰ ৰুজু কৰা হৈছে ।
উল্লেখ্য, উত্তেজিত সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে ৰাস্তালৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (demolition drive in Porbandar Gujarat) । যাৰ ফলত বিগত কেইদিনমানত অঞ্চলটোত চৰম উত্তেজনাৰ সৃষ্টি হৈছে । প্ৰশাসনে তেওঁলোকৰ উপাসনাস্থলী ধ্বংস কৰাৰ অভিযোগ (Accusing bringing down places of worship) তুলি মেমানৱাৰাৰ স্থানীয় প্ৰতিবাদকাৰীসকলে পোৰবন্দৰৰ উচ্ছেদিত স্থানসমূহত এক প্ৰতিবাদী সমদলৰ বাবে একত্ৰিত হ'বলৈ চেষ্টা কৰে । আনকি আন্দোলনকাৰীসকলে আৰক্ষীয়ে জাৰি কৰা সতৰ্কতামূলক সতৰ্কবাণীও উপেক্ষা কৰে ।
জনতা আৰু আৰক্ষীৰ মাজত সংঘটিত মুখামুখী সংঘৰ্ষত ৪ অক্টোবৰত অঞ্চলটোত এক উত্তেজনাপূৰ্ণ পৰিৱেশে বিৰাজ কৰে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ কনভয় খাপাত কৰ্মচাৰী ছ'চাইটীত গৈ উপস্থিত হয় । সেই সময়তে উন্মত্ত প্ৰতিবাদকাৰীসকলে আক্ৰমণ কৰি পাঁচজন আৰক্ষীক আহত কৰে । আনহাতে, ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে তিনি ৰাউণ্ড কন্দুৱা গেছ নিক্ষেপ কৰাত প্ৰতিবাদী জনতাই ছত্ৰভঙ্গ দিয়ে । এই সন্দৰ্ভত উদ্যোগনগৰ আৰক্ষী থানাত ১২৫ জনৰো অধিক লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় । আনহাতে, ২৭ জনৰো অধিক লোকক আটক কৰা হৈছে । স্থানীয় আদালতে অপৰাধৰ গুৰুত্ব বিবেচনা কৰি তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।