অসম

assam

ETV Bharat / bharat

চাকৰিৰ দাবীত ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰীৰ বাসগৃহ ঘেৰাও TET উত্তীৰ্ণ প্ৰাৰ্থীৰ - চাকৰিৰ দাবীত ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰীৰ বাসগৃহ ঘেৰাও TET উত্তীৰ্ণ প্ৰাৰ্থীৰ

ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰি TET উত্তীৰ্ণ প্ৰাৰ্থীৰ উত্তাল প্ৰতিবাদ । যোগ্যতাৰ ভিত্তিত তাৎক্ষণিক নিযুক্তিৰ দাবীত শিক্ষা মন্ত্ৰী ৰতন লাল নাথৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাৰ্থীসকলে(Tripura TET aspirants protest demanding job) ।

demanding job tet aspirants gheraoed education minister residence
চাকৰিৰ দাবীত ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰীৰ বাসগৃহ ঘেৰাও TET উত্তীৰ্ণ প্ৰাৰ্থীৰ

By

Published : Aug 20, 2022, 9:24 PM IST

আগৰতলা,২০ আগষ্ট: শিক্ষকৰ সংকটে দেখা দিয়া ত্ৰিপুৰাত এইবাৰ TET উত্তীৰ্ণ প্ৰাৰ্থীৰ তীব্ৰ প্ৰতিবাদ(Tripura TET aspirants protest demanding job) । শনিবাৰে শিক্ষা মন্ত্ৰী ৰতন লাল নাথৰ বাসগৃহ ঘেৰাও কৰি TET উত্তীৰ্ণ প্ৰাৰ্থীসকলে যোগ্যতাৰ ভিত্তিত তাৎক্ষণিক নিযুক্তিৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ । শনিবাৰে বিয়লিৰ ভাগত সাব্যস্ত কৰা প্ৰতিবাদৰ সময়তে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘটিত হয় হতাহতিৰ । আৰক্ষী আৰু ত্ৰিপুৰা ৰাজ্যিক ৰাইফল জোৱানৰ এটা বৃহৎ দলে প্ৰতিবাদকাৰীক বাধা দিবলৈ যাওতেই দুয়োপক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয় ।

সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে য়ে চৰকাৰে তেওঁলোকৰ ভৱিষ্যতৰ সৈতে হেতালি খেলি আছে । কিয়নো চৰকাৰে আশ্বাস প্ৰদান কৰিছিল যে দুৰ্গা পূজাৰ পূৰ্বে ৩,৬৩১গৰাকী TET উত্তীৰ্ণ প্ৰাৰ্থীক নিয়োগ কৰা হ'ব; কিন্তু বৰ্তমানলৈ একো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।

আৰক্ষীৰ লাঠী চালনা আৰু হাতাহাতিৰ সন্দৰ্ভত প্ৰতিবাদকাৰীসকলে কয় যে আৰক্ষীয়ে তেওঁলোকৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছে আৰু আন্দোলনকাৰীক টানি নিছে । তেঁওলোকে কয় যে তেওঁলোক অপৰাধী নহয় । তেঁওলোকে মাত্ৰ কেতিয়া চাকৰি পাব সেয়া জানিবলৈহে তালৈ আহিছিল ।

লগতে পঢ়ক:চিৰাঙত অৰুনোদয় আঁচনিৰ হিতাধিকাৰী পৰীক্ষণ কাৰ্যৰ শুভাৰম্ভ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details