ত্ৰিপুৰা,31 মাৰ্চ:কৈলাশহাৰত এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ পৰা সহযোগিতা নোপোৱাৰ অভিযোগত ক্ষোভিত হৈ ৰাজপথ অৱৰোধ কৰে স্থানীয় ৰাইজে । সূত্ৰ অনুসৰি, ভগৱান নগৰৰ তিনিজন বাসিন্দা ক্ৰমে জামছেদ আলী, ছাজিদ আলী আৰু ছামেদ আলীয়ে ঘৰৰ পৰাই ড্ৰাগছ ব্যৱসায় চলাই আছে । এই বিষয়ত পূৰ্বে কেইবাবাৰো আৰক্ষীক অৱগত কৰিছিল স্থানীয় ৰাইজে ৷ অৱশ্যে, আৰক্ষীয়ে কোনো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল এই তিনিজনৰ বিৰুদ্ধে । মঙলবাৰে দুপৰীয়া স্থানীয় লোকসকলে জামছেদৰ এজন সহযোগীক হাতে-লোটে ধৰিছিল ৷ ব্যক্তিজনে ড্ৰাগছ ক্ৰয়ৰ উদ্দেশ্যে এখন চিকিৎসালয়ৰ ওচৰে-পাজৰে ঘূৰি আছিল ৷ সন্দেহজনক লোকজনক দেখি আৰক্ষীক অৱগত কৰে স্থানীয় লোকে ৷
এই খবৰৰ ভিত্তিত প্ৰায় দুঘণ্টাৰ পিছত ঘটনাস্থলীত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পাৰ্থ মুণ্ডাৰ নেতৃত্বত এটি দল উপস্থিত হয় ৷ আৰক্ষী অহাৰ পূৰ্বে জামছেদ আলীৰ আত্মীয়সকলে গাঁৱবাসীক আক্ৰমণ কৰে ৷ লগতে সহযোগীজনক লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত গাঁৱবাসীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ লগতে আৰক্ষীৰ অৱহেলাক তীব্ৰ গৰিহণা জনাই স্থানীয় ৰাইজে কৈলাশহাৰ-ধৰ্মনগৰ পথ অৱৰোধ কৰে ।