অসম

assam

ETV Bharat / bharat

70 বছৰৰ পাচত সৰ্বাধিক হ্ৰাস পালে দিল্লীৰ তাপমাত্ৰা - ৰাজধানী চহৰ দিল্লী

70 বছৰৰ পাচত প্ৰথমবাৰৰ বাবে হ্ৰাস পাইছে ৰাজধানী চহৰ দিল্লীৰ তাপমাত্ৰা ৷ শেহতীয়াভাৱে নেৰানেপেৰা বৰষুণ হোৱাৰ ফলতে চহৰখনত তাপমাত্ৰা সৰ্বাধিক সৰ্বনিম্ন 16.8 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বাধিক 23.8 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায় ৷

Delhi's temperature drops to highest in 70 years
70 বছৰৰ পাচত সৰ্বাধিক হ্ৰাস পালে দিল্লীৰ তাপমাত্ৰা

By

Published : May 20, 2021, 7:25 AM IST

নেশ্যনেল ডেস্ক,20 মে': বিগত 70 বছৰৰ পাচত প্ৰথমবাৰৰ বাবে হ্ৰাস পাইছে ৰাজধানী চহৰ দিল্লীৰ তাপমাত্ৰা ৷ শেহতীয়াভাৱে প্ৰবল বৰষুণ হোৱাৰ ফলতে চহৰখনত তাপমাত্ৰা সৰ্বাধিক সৰ্বনিম্ন 16.8 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বাধিক 23.8 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায় ৷ এই হ্ৰাস পোৱা তাপমাত্ৰাই ভংগ কৰে বিগত প্ৰায় 70 বছৰৰ তাপমাত্ৰাৰ অভিলেখ ৷

70 বছৰৰ পাচত সৰ্বাধিক হ্ৰাস পাইছে দিল্লীৰ তাপ মাত্ৰা

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, চহৰখনত 1982 চনৰ 13 মে'ত সৰ্বাধিক তাপমাত্ৰা 24.8 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছিল ৷ কিন্তু 1951 চনৰ পৰা সেই অভিলেখ ভংগ হোৱা নাছিল ৷ বিগত কেইদিনমান ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত দিল্লীৰ সৰ্বাধিক তাপমাত্ৰা 28.8 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছে ৷

ইয়াৰোপৰি বিশেষজ্ঞসকলৰ মতে, দিল্লীত হোৱা ধাৰাসাৰ বৰষুণৰ আঁৰৰ কাৰণ হৈছে টাউতে । উল্লেখ্য যে, বুধবাৰে দিল্লীত পুৱা 9 বজাৰ পৰা সন্ধিয়া 5.30 বজালৈ 31.3 মিলিমিটাৰ বৰষুণ হৈছে ।

লগতে পঢ়ক:ঘূৰ্ণী বতাহ টাউতে বিধ্বস্ত কৰা গুজৰাটলৈ ৰাওনা মোডী

ABOUT THE AUTHOR

...view details