অসম

assam

ETV Bharat / bharat

দিল্লীত পুনৰ হ্ৰাস পাইছে তাপমাত্ৰা - পশ্চিম হিমালয়

দিল্লীত পুনৰ বৃদ্ধি পাইছে শীতৰ প্ৰকোপ । শুক্ৰবাৰে দিল্লীৰ তাপমাত্ৰা ৬.৮ ডিগ্ৰী চেলছিয়াছ । পশ্চিম হিমালয়ৰ পৰা প্ৰবাহিত ঠাণ্ডা বতাহৰ বাবে দিল্লীত পুনৰ হ্ৰাস পাইছে তাপমাত্ৰা ।

শুক্ৰবাৰে দিল্লীৰ তাপমাত্ৰা ৬.৮ ডিগ্ৰী চেলছিয়াছ
শুক্ৰবাৰে দিল্লীৰ তাপমাত্ৰা ৬.৮ ডিগ্ৰী চেলছিয়াছ

By

Published : Feb 5, 2021, 4:51 PM IST

নেশ্যনেল ডেস্ক, ৫ ফেব্ৰুৱাৰী: পশ্চিম হিমালয়ৰ পৰা প্ৰবাহিত ঠাণ্ডা আৰু শুকান বতাহৰ বাবে শুক্ৰবাৰে দিল্লীত পুনৰ হ্ৰাস পালে তাপমাত্ৰা । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, শুক্ৰবাৰে দিল্লীৰ তাপমাত্ৰা হয়গৈ ৬.৮ ডিগ্ৰী চেলছিয়াছ । বৃহস্পতিবাৰে ৰাজধানী চহৰখনত বৃষ্টিপাতৰ পৰিমাণ আছিল ২.১ মিলিমিটাৰ আৰু পাহাৰীয়া অঞ্চলত তুষাৰপাতো হৈছিল ।

পাহাৰৰ পৰা ঠাণ্ডা আৰু শুকান বতাহ সমভূমিৰ দিশত প্ৰবাহিত হোৱা বাবে তাপমাত্ৰা হ্ৰাস পাইছে বুলি জনাইছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ এগৰাকী বিষয়াই । ছফদৰজং অবজাৰ্ভেটৰীয়ে শুক্ৰবাৰে দিল্লীৰ তাপমাত্ৰা ৬.৮ ডিগ্ৰী চেলছিয়াছ বুলি পঞ্জীয়ন কৰিছে । আনহাতে, বৃহস্পতিবাৰে দিল্লীৰ তাপমাত্ৰা আছিল ১২.৪ ডিগ্ৰী চেলছিয়াছ ।

বৃহস্পতিবাৰে ৰাজধানী চহৰখনৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২৩.২ ডিগ্ৰী চেলছিয়াছ আৰু এই তাপমাত্ৰা বৰ্তমান সময়ৰ বাবে স্বাভাৱিক তাপমাত্ৰা । বুধবাৰে তাপমাত্ৰা আছিল ১০.২ ডিগ্ৰী চেলছিয়াছ, মঙলবাৰে ৬.২ ডিগ্ৰী চেলছিয়াছ আৰু সোমবাৰে আছিল ৫.৩ ডিগ্ৰী চেলছিয়াছ ।

লগতে পঢ়ক:কৰিমগঞ্জৰ চেৰাগী জিলা পৰিষদৰ সদস্যৰ মৃত্যু

ABOUT THE AUTHOR

...view details