নেশ্যনেল ডেস্ক, ৩ নৱেম্বৰ :দীপাৱালীক লৈ সমগ্ৰ দেশতে আনন্দ উল্লাসে বিৰাজ কৰিছে । তাৰ মাজতে দেশবাসীৰ বাবে এক উদ্বেগজনক খবৰ । পুনৰ ৰাজধানী চহৰ দিল্লীৰ বায়ুমণ্ডলৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হৈছে ।
বুধবাৰে SAFARয়ে দাখিল কৰা প্ৰতিবেদন মতে দিল্লীৰ বায়ুমণ্ডলৰ AQI (Air Quality Index) অতি বেয়া শ্ৰেণীত উপনীত হৈছে । সমান্তৰালকৈ পিএম ২.৫ আৰু পিএম ১০ ক্ৰমে ২৫১ আৰু ১৩১ ত আছে, যি দুটা 'বেয়া' আৰু 'অতি বেয়া' শ্ৰেণীত পৰিছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) কোৱা মতে দিল্লীৰ ক্ষেত্ৰত বায়ুৰ মানদণ্ড ২ নৱেম্বৰ আৰু ৩ নৱেম্বৰত 'বেয়া'ৰ পৰা 'অতি বেয়া' শ্ৰেণীৰ নিম্ন প্ৰান্তত থকাৰ সম্ভাৱনা আছে । বিভাগে লগতে কয় যে বায়ুৰ মানদণ্ড ৪ নৱেম্বৰত 'অতি বেয়া' শ্ৰেণীত থকাৰ সম্ভাৱনা আছে ।