নিউজ ডেস্ক, ৬ নৱেম্বৰ :দিল্লীৰ প্ৰদূষণ স্তৰ অতি শোচনীয় অৱস্থালৈ গতি কৰিছে । ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে পৰিচালনা কৰা ৪০ টা বায়ু মান নিৰীক্ষণ কেন্দ্ৰৰ ১২ টাত বায়ুৰ গুণমান সূচক (একিউআই) ৪৫০-তকৈ অধিক হৈছে । ইয়াক 'গুৰুতৰতকৈ অধিক' (severe plus) হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে ।
সোমবাৰে পুৱা ৭ বজাৰ তথ্য মতে, দিল্লীৰ ৱাজিৰপুৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে । ইয়াত ৪৮২ একিউআই ৰেকৰ্ড কৰা হৈছে । ইয়াৰ পিছত আছে ৰোহিণী আৰু বাৱানা ষ্টেচন । দুয়োটাৰে একিউআই ৪৭৮ ৰেকৰ্ড কৰা হৈছে ।
জাহাংগীৰপুৰীৰ একিউআই হৈছে ৪৭৫ আৰু পাটপাৰগঞ্জ, মুণ্ডকা, আৰ কে পুৰম, ছোনিয়া বিহাৰ, দ্বাৰকা ছেক্টৰ 8 আৰু নাৰেলাত ইয়াৰ পৰিমাণ হৈছে ক্ৰমে ৪৬৯, ৪৬৮, ৪৬৬, ৪৬৪, ৪৬২, ৪৬১ আৰু ৪৬০ । আনহাতে, দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ কেম্পাছ মনিটৰিং ষ্টেচনত একিউআই ৪৫৫ ৰেকৰ্ড কৰা হৈছে ।
ইফালে ৰাষ্ট্ৰীয় ৰাজধানী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ বাবে বায়ু গুণমান ব্যৱস্থাপনা আয়োগে ইতিমধ্যে ইয়াৰ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ আঁচনিৰ চূড়ান্ত চতুৰ্থ পৰ্যায়ৰ অধীনত আৱশ্যকীয় কঠোৰ নিয়ন্ত্ৰণ আৰোপ কৰিছে । ইয়াক গ্ৰেডেড ৰেছপন্স একচন প্লেন (Graded Response Action Plan, GRAP) বুলি কোৱা হয় । প্ৰতিদিনে বিয়লি ৪ বজাত ৰেকৰ্ড কৰা ২৪ ঘণ্টাৰ গড় একিউআই শনিবাৰে ৪১৫-ৰ পৰা দেওবাৰে ৪৫৪-লৈ অৱনতি ঘটিছে ।
চাৰিটা পৃথক পৰ্যায়ত বায়ুৰ গুণমানৰ জিআৰএপি শ্ৰেণীকৰণ নিম্নলিখিত ধৰণৰ : প্ৰথম পৰ্যায় - 'শোচনীয়' (একিউআই ২০১-৩০০); দ্বিতীয় পৰ্যায় - 'অতি শোচনীয়' (একিউআই ৩০১-৪০০); তৃতীয় পৰ্যায় - 'গুৰুতৰ' (একিউআই ৪০১-৪৫০) আৰু চতুৰ্থ পৰ্যায় - 'গুৰুতকৈও অধিক' (Severe Plus, একিউআই >৪৫০) ।
আনহাতে, সোমবাৰে পুৱা বাহিৰলৈ ওলাই অহাসকলে এক বিষাক্ত কুঁৱলীৰ সন্মুখীন হ'বলগা হয় । এই পৰিস্থিতিয়ে একেৰাহে সপ্তম দিনৰ বাবে দিল্লী-এনচিআৰক আৱৰি ৰাখিছে । লগতে ই শ্বাস-প্ৰশ্বাসৰ সমস্যা থকা লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ সমস্যা তথা ভাবুকিৰ সৃষ্টি কৰিছে ।
ভাৰতীয় ক্ৰান্তীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ দ্বাৰা জাৰি কৰা পূৰ্বানুমান অনুসৰি, দিল্লীৰ উত্তৰ-পশ্চিম দিশৰ পৰা ০৪-০৬ কিলোমিটাৰ প্ৰতিঘণ্টা বেগত অহা বতাহৰ ফলত পুৱা আকাশ বেছিভাগ পৰিষ্কাৰ আৰু অগভীৰৰ পৰা মধ্যমীয়া কুঁৱলী থাকিব । আইআইটিএমে ভৱিষ্যদ্বাণী কৰিছে যে চহৰখনত মঙলবাৰৰ ভিতৰত অৱস্থা উন্নত হ'ব পাৰে ।
প্ৰদূষণৰ কাৰণ
বতৰ বিশেষজ্ঞসকলে প্ৰতিবছৰে শীতকালত দিল্লী-এনচিআৰত বিপজ্জনক বায়ুৰ গুণমান স্তৰত অৰিহণা যোগোৱা কাৰক হিচাপে যান-বাহনৰ নিৰ্গমন, ধানখেৰ জ্বলোৱা, আতচবাজী আৰু অন্যান্য স্থানীয় প্ৰদূষণৰ সৈতে প্ৰতিকূল বতৰ পৰিস্থিতিক দায়ী কৰে ।
দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিৰ (ডিপিচিচি) তথ্যই দেখুৱাইছে যে ৰাষ্ট্ৰীয় ৰাজধানীয়ে ১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ সৰ্বাধিক প্ৰদূষণৰ সন্মুখীন হয় । সেই সময়ত পঞ্জাব আৰু হাৰিয়ানাত পথাৰৰ নৰা তথা খেৰ জ্বলোৱাৰ ঘটনা বৃদ্ধি হয় ।
দেওবাৰে উত্তৰ ভাৰতৰ পৰা মুঠ ৪,১৬০ স্থানত খেতিপথাৰত জুইলগাৰ খবৰ পোৱা গৈছে, যিটো হৈছে চলিত ঋতুত এতিয়ালৈকে সৰ্বাধিক । পিটিআয়ে ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ (আইএআৰআই) উদ্ধৃতি দি নিজৰ প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে ।
আনহাতে, পঞ্জাব ৰিম'ট চেঞ্চিং চেণ্টাৰৰ তথ্য অনুসৰি, পঞ্জাবত দেওবাৰে ৩,২৩০ স্থানত নৰা-খেৰ জ্বলোৱাৰ ঘটনা সংঘটিত হৈছে । যিটো ৰাজ্যখনত চলিত ঋতুত এতিয়ালৈকে এটা দিনত সৰ্বাধিক ।
দিল্লীত প্ৰতিবন্ধকতা
জিআৰএপিৰ চতুৰ্থ পৰ্যায়ৰ আদেশৰ অধীনত থকা আদেশ অনুসৰি, কেৱল আন ৰাজ্যৰ চিএনজি, বৈদ্যুতিক আৰু বিএছ সপ্তম অনুসৰণকাৰী বাহনক দিল্লীত প্ৰৱেশ কৰাৰ অনুমতি দিয়া হৈছে । ইয়াৰ উপৰি অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকসকলক ৰেহাই দিয়া হৈছে । লগতে অত্যাৱশ্যকীয় সেৱাত নিয়োজিত নোহোৱা সকলো মজলীয়া আৰু গধুৰ সামগ্ৰীৰ বাহনক ৰাজধানীত প্ৰৱেশত বাধা দিয়া হৈছে । দেওবাৰে আবেলি ৪ বজাৰ পিছত দৈনিক ২৪ ঘণ্টাৰ গড় তথ্য লাভ কৰাৰ পিছত চিএকিউএম আদেশৰ দ্বাৰা এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হয় ।
দিল্লী চৰকাৰৰ পৰিবহণ বিভাগে এক পৃথক আদেশত ৰাষ্ট্ৰীয় ৰাজধানীত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ প্ৰৱেশো নিষিদ্ধ কৰে । "সংশোধিত জিআৰএপিৰ চতুৰ্থ পৰ্যায়ৰ অধীনত প্ৰদান কৰা নিৰ্দেশনা আৰু মটৰ বাহন আইন, ১৯৮৮-ৰ ধাৰা ১১৫-ৰ অধীনত এই নিৰ্দেশ দিয়া হৈছে যে দিল্লীত ট্ৰাক প্ৰৱেশৰ কোনো অনুমতি নাই (অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ বাহিৰে/অত্যাৱশ্যকীয় সেৱা প্ৰদান কৰা আৰু সকলো এলএনজি/চিএনজি/বৈদ্যুতিক ট্ৰাক) ।" আদেশটোত কোৱা হৈছে ।
লগতে দিল্লীৰ বাহিৰত পঞ্জীয়ন কৰা লঘু বাণিজ্যিক বাহনৰ প্ৰৱেশো নিষিদ্ধ কৰা হৈছে । অৱশ্যে বৈদ্যুতিক বাহন, চিএনজি আৰু বিএছ ষষ্ঠ অনুসৰণকাৰী বাহনৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনবোৰৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা নাথাকিব ।
"দিল্লীত পঞ্জীয়নভুক্ত ডিজেলচালিত মজলীয়া সামগ্ৰী বাহন (এমজিভি) আৰু গধুৰ সামগ্ৰী বাহন (এইচজিভি) চলাচলৰ ওপৰত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে । অৱশ্যে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা/অত্যাৱশ্যকীয় সেৱা প্ৰদান কৰাসকলক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে । এই নিৰ্দেশনা অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহন অৰ্থাৎ সতেজ পাচলি, ফল, শস্য, গাখীৰ, কণী বা বৰফ কঢ়িওৱা বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব । লগতে পেট্ৰ'লিয়াম সামগ্ৰী কঢ়িওৱা টেংকাৰবোৰৰ ক্ষেত্ৰতো এই নিৰ্দেশ কাৰ্যকৰী নহ'ব ।" আদেশটোত কোৱা হৈছে ।
লগতে পঢ়ক :Delhi Air Pollution : ডাঠ কুঁৱলীৰ আৱৰণত তাজমহল; দৰ্শনত ব্যৰ্থ পৰ্যটক