নেশ্যনেল ডেস্ক, 25 অক্টোবৰ: দিল্লীবাসীয়ে প্ৰদূষণ ৰোধ কৰিবলৈ কৰা প্ৰচেষ্টা আদৰণীয় যদিও ইয়াৰ ফলাফল লাভ কৰিবলৈ এতিয়াও বহু দূৰ বাকী আছে বুলি মঙলবাৰে মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Delhi CM Arvind Kejriwal)। ৰাজধানী চহৰখনত বায়ুৰ গুণগত মান সূচকাংকই 'মাৰাত্মক' শ্ৰেণীত অন্তৰ্ভুক্ত হোৱাৰ পৰৱৰ্তী সময়ত এই মন্তব্য আগবঢ়ায় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে (AQI)(Kejriwal on delhi pollution)৷
অৱশ্যে এইবাৰ ৰাজধানী চহৰখনৰ পৰিস্থিতি পূৰ্বৰ তুলনাত তুলনামূলকভাৱে উন্নত আছিল ৷ ৰাজধানীবাসীয়ে ফটকা নিষিদ্ধকৰণৰ নিষেধাজ্ঞা উলংঘা কৰাৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনৰ খেতিৰ অৱশিষ্ট অংশ জলোৱা কাৰ্যই ৰাজধানী চহৰখনত বৃদ্ধি কৰিছিল প্ৰদূষণৰ মাত্ৰা । দীপাৱলীৰ পৰৱৰ্তী দিনটোত তথা আজি পুৱা ৮ বজাত দিল্লীৰ বায়ুৰ গুণগত মান সূচকাংক (AQI) ৩২৬।
'প্ৰদূষণ ৰোধ কৰিবলৈ দিল্লীবাসীয়ে কঠোৰ পৰিশ্ৰম কৰিছে । ভাল ফলাফল লাভ কৰিবলৈ কিন্তু এতিয়াও বহু দূৰ বাকী । আমি দিল্লীক বিশ্বৰ শ্ৰেষ্ঠ চহৰ হিচাপে গঢ়ি তুলিম ।’-দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক টুইট যোগে মঙলবাৰে এই কথা প্ৰকাশ কৰে (Delhiites working hard but still a long way to go)৷ ফটকা আৰু পামৰ জুইৰ পৰা নিৰ্গত হোৱা নিৰ্গমনে দীপাৱলীৰ দিনটোত দিল্লীৰ প্ৰদূষণৰ মাত্ৰা ২.৫ % বৃদ্ধিত অৰিহণা যোগাইছে বুলি উল্লেখ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।