নিউজ ডেস্ক, ১০ জুলাই : বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ দ্বাৰকা অঞ্চলত এগৰাকী মহিলা পাইলট আৰু তেওঁৰ এয়াৰলাইনছৰ কৰ্মচাৰী স্বামীক দিল্লী আৰক্ষীয়ে আটক কৰে । তেওঁলোকৰ ঘৰত কাম কৰা এগৰাকী ১০ বছৰীয়া কিশোৰীক অত্যাচাৰ কৰাৰ অভিযোগত দম্পতীটোক দিল্লী আৰক্ষীয়ে আটক কৰা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । আনহাতে, আৰক্ষী আহি পোৱাৰ পূৰ্বে এটা দলে আহি দম্পতীটোক কিয় শিশুটিৰ সৈতে এই অমানৱীয় আচৰণ কৰিছে সেয়া জানিবলৈ বিচাৰে । তাৰ ফলত দলটোৰ সৈতে দম্পতীটোৰ কিছু বাক-বিতণ্ডাও হয় ।
ছ'চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা ভিডিঅ'ত দম্পতীটোৱে দলটোৰ ওচৰত ক্ষমা বিচাৰি পৰিস্থিতিৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰা দেখা গৈছে । আনহাতে, মহিলা পাইলটগৰাকীক ৰাস্তালৈ টানি নিয়াৰ পূৰ্বে তেওঁৰ স্বামীক কেইছেকেণ্ডমানৰ বাবে দলটোৰ পৰা বচাবলৈ চেষ্টা কৰা দেখা গৈছিল আৰু তেওঁক প্ৰহাৰ কৰা হৈছিল । তেওঁৰ স্বামীয়েও ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰিছিল । তাৰ বাবে তেওঁ ক্ৰোধিত জনতাৰ ক্ৰোধৰ সন্মুখীন হয় ।
ভিডিঅ'টোত দম্পতীটোক জনসমাগমে ঠেলি নিয়া দেখা গৈছে আৰু তেওঁলোক দুয়োৰে ওপৰত উপৰ্যুপৰি আঘাত পৰে । আনহাতে, আক্ৰমণকাৰীসকলক শান্ত কৰাৰ বাবে দম্পতীটোৱে যথেষ্ট চেষ্টা কৰে যদিও তাত তেওঁলোক সফল হোৱা নাছিল । ইয়াৰ উপৰি দম্পতীটোক আক্ৰমণ কৰা পিছত তাত উপস্থিত হোৱা আৰক্ষীক উন্মত্ত জনতাই তেওঁলোকৰ বিৰুদ্ধে কঠোৰ গ্ৰহণৰ বাবে সকীয়নি প্ৰদান কৰে ।