অসম

assam

ETV Bharat / bharat

দিল্লী হিংসা:কাৰাবন্দী তিনি অভিযুক্ত শিক্ষাৰ্থীক মুক্তিৰ নিৰ্দেশ আদালতৰ - pinjra tod activist

কৰকৰডোমা আদালতে বৃহস্পতিবাৰে 'কা' আন্দোলনৰ সময়ত দিল্লীৰ হিংসাত জড়িত থকাৰ অভিযোগত কাৰাবন্দী তিনিগৰাকীক পিঞ্জৰা টোড কৰ্মী ক্ৰমে দেবাংগনা কলিতা,নাতাশা নৰৱাল আৰু জামিয়াৰ ছাত্ৰী আচিফ ইকবাল তানহাক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ নিৰ্দেশ দিয়ে ।

Delhi violence
কাৰাবন্দী তিনি অভিযুক্ত শিক্ষাৰ্থীক মুক্তিৰ নিৰ্দেশ আদালতৰ

By

Published : Jun 17, 2021, 5:52 PM IST

নেশ্যনেল ডেস্ক,১৭ জুন:দিল্লীৰ কৰকৰডোমা আদালতে বৃহস্পতিবাৰে 'কা' আন্দোলনৰ সময়ত দিল্লীৰ হিংসাত জড়িত থকাৰ অভিযোগত কাৰাবন্দী তিনিগৰাকীক পিঞ্জৰা টোড কৰ্মী (pinjra tod activist) কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ নিৰ্দেশ দিয়ে । তিনিওগৰাকীৰ ভিতৰত আছে অসমৰ জীয়ৰী দেবাংগনা কলিতা,নাতাশা নৰৱাল আৰু জামিয়াৰ ছাত্ৰী আচিফ ইকবাল তানহা । অতিৰিক্ত সত্ৰ ন্যায়াধীশ ৰবীন্দ্ৰ বেদীয়ে দিয়ে এই ক্ষেত্ৰত এক বিশেষ নিৰ্দেশ । আদালতৰ মতে আৰক্ষীয়ে অভিযুক্তৰ প্ৰতিবেদন দাখিল নকৰালৈকে তেওঁলোকক কাৰাগাৰত বন্দী কৰি ৰখাটো উচিত নহয় ।

আদালতে লগতে ২৩ জুন তাৰ আগত স্থায়ী ঠিকনাৰ প্ৰমাণীকৰণৰ প্ৰতিবেদন দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে । ইফালে ১৫ জুনত প্ৰদান কৰা জামিনৰ আদেশ কাৰ্যকৰী নোহোৱাত অধিবক্তা সিদ্ধাৰ্থ আগৰৱালে অভিযুক্তৰ হৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে । কৰকৰডোমা আদালতে বুধবাৰে দেৱাংগানা কলিতা আৰু নাতাশা নাৰৱালক ন্যায়িক জিম্মাৰ পৰা তাৎক্ষণিকভাৱে মুকলি কৰিবলৈ বিচৰা আবেদনৰ ওপৰত আদেশ জাৰি কৰাৰ ওপৰত সংৰক্ষিত আদেশ জাৰি কৰে । আনহাতে দিল্লী আৰক্ষীয়ে অভিযুক্ত আৰু জামানতৰ বিৱৰণ পৰীক্ষা কৰিবলৈ অধিক সময় বিচাৰিছিল ।

উল্লেখ্য যে ১৫ জুনত বিচাৰ আদালতে সংশ্লিষ্ট এছ.এইচ.ও.ক অভিযুক্ত আৰু জামানতৰ বিৱৰণ সম্পৰ্কীয় এক প্ৰমাণীকৰণ প্ৰতিবেদন দাখিল কৰিবলৈ কৈছিল । তিনিটা পৃথক নিৰ্দেশত দিল্লী উচ্চ ন্যায়ালয়ে দেৱাংগানা কলিতা, নাতাশা নৰৱাল আৰু জামিয়াৰ ছাত্ৰী আচিফ ইকবাল তানহাক জামিন প্ৰদান কৰে । উত্তৰ-পূব দিল্লীৰ হিংসাৰ গোচৰ সন্দৰ্ভত তেওঁলোকক কঠোৰ বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল । ২০২০ চনৰ ২৯ মে'ত এই সন্দৰ্ভত এক এজাহাৰত দেৱাংগনা কলিতা আৰু নৰৱালক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু একে গোচৰত তানহাক ২০২০ চনৰ ১৯ মে'ত গ্ৰেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক:মৰমৰ জীয়ৰীয়ে পঢ়িছে, প্ৰচণ্ড বৰষুণতো ছাতি লৈ কাষতে থাকিল পিতৃ

ABOUT THE AUTHOR

...view details