অসম

assam

By

Published : Jun 13, 2021, 6:29 PM IST

ETV Bharat / bharat

দিল্লীত আনলক : সমাপ্ত হ’ব যুগ্ম-অযুগ্ম পদ্ধতি

দিল্লীৰ আনলক প্ৰক্ৰিয়া সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ । সোমবাৰৰ পৰা দিল্লীত সকলো বিপনী খুলিব পাৰিব । ৰেষ্টুৰেণ্টসমূহত মাত্ৰ ৫০ শতাংশ আসনৰ ব্যৱস্থা থাকিব লাগিব । দিল্লী মেট্ৰ' আৰু বাছসমূহ ৫০ শতাংশ যাত্ৰীৰে চলিব পাৰিব । ধৰ্মীয় স্থানসমূহ খুলিব পাৰিব কিন্তু দৰ্শনাৰ্থী প্ৰৱেশ কৰিব নোৱাৰিব । তেনেদৰে শিক্ষা প্ৰতিষ্ঠানসমূহো বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে দিল্লী চৰকাৰে ।

Delhi unlock
দিল্লীত সোমবাৰৰ পৰা খুলিব সকলো দোকান

নেশ্যনেল ডেস্ক, ১৩ জুন :কৰ'ণাৰ দ্বিতীয় ঢৌত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে ৰাজধানী চহৰ নতুন দিল্লী । ইয়াৰ পিছতে ১৯ এপ্ৰিলৰ পৰা লকডাউন ঘোষণা কৰা হৈছিল । শেহতীয়াকৈ আক্ৰান্তৰ সংখ্যা হ্ৰাস হোৱাৰ লগে লগে আনলক প্ৰক্ৰিয়া আৰম্ভ হৈছিল । ৩১ মে'ৰ পৰা আৰম্ভ হোৱা এই আনলক প্ৰক্ৰিয়াৰ পিছত দেওবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গুৰুত্বপূৰ্ণ ঘোষণা । ইতিমধ্যে ৰাজধানী চহৰখনত বজাৰ, শ্বপিং মল আদি খোলাৰ ক্ষেত্ৰত থকা যুগ্ম-অযুগ্ম পদ্ধতিৰ সমাপ্ত হৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা মতে সোমবাৰৰ পৰা দিল্লীত সকলো বিপনী খুলিব পাৰিব ।

সংবাদমেলযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সোমবাৰে পুৱা ৫ বজাৰ পৰা সকলো বজাৰ আৰু মলত সকলো দোকান একেলগে খুলিব পাৰিব । অৱশ্যে পৰীক্ষণৰ ভিত্তিত এসপ্তাহৰ বাবে ইয়াৰ অনুমতি দিয়া হৈছে । যদি আক্ৰান্তৰ সংখ্যা বৃদ্ধি হয় তেন্তে পুনৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব দিল্লী চৰকাৰে ।

কেজৰিৱালে জনোৱা মতে আনলকিং সন্দৰ্ভত এক বিতং নিৰ্দেশ জাৰি কৰা হ'ব । বজাৰৰ সময় পূৰ্বে অনুমোদিত সময়ৰ দৰে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ অব্যাহত থাকিব । সাপ্তাহিক বজাৰ খোলাৰো অনুমতি দিয়া হৈছে কিন্তু ৫০ শতাংশ বিক্ৰেতাৰে পৌৰ নিগমৰ অঞ্চলত প্ৰতিদিনে মাত্ৰ এখন সাপ্তাহিক বজাৰ খুলিবলৈ অনুমতি দিয়া হৈছে ।

নতুন নিৰ্দেশনা অনুসৰি ৰেষ্টুৰেণ্টসমূহত মাত্ৰ ৫০ শতাংশ আসনৰ ব্যৱস্থা থাকিব লাগিব । দিল্লী মেট্ৰ' আৰু বাছসমূহ ৫০ শতাংশ যাত্ৰীৰে চলিব পাৰিব । অটো, ই-ৰিক্সা বা টেক্সিত দুজনতকৈ অধিক যাত্ৰীক যাত্ৰা কৰিবলৈ দিয়া নহ'ব ।

ইফালে ধৰ্মীয় স্থানসমূহ খুলিব পাৰিব কিন্তু দৰ্শনাৰ্থী প্ৰৱেশ কৰিব নোৱাৰিব । ঠিক তেনেদৰে শিক্ষা প্ৰতিষ্ঠানসমূহো বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে দিল্লী চৰকাৰে । পূৰ্বে জাৰি কৰা নিৰ্দেশনা অনুসৰি সামাজিক,ৰাজনৈতিক,ক্ৰীড়া, মনোৰঞ্জন, শৈক্ষিক, সাংস্কৃতিক, ধৰ্মীয় উৎসৱ আদি নিষিদ্ধ হৈ থাকিব ।

চুইমিং পুল, ষ্টেডিয়াম, ক্ৰীড়া কমপ্লেক্স, চিনেমা হল, মাল্টিপ্লেক্স আদি বন্ধ থাকিব । বেংকুৱেট হল বা হোটেলৰ দৰে ৰাজহুৱা স্থানত বিবাহৰ অনুমতি দিয়া নহ'ব । কেৱল আদালত বা ঘৰত অনুমতি দিয়া হ'ব য'ত ২০ জনতকৈ বেছি লোক থাকিব নোৱাৰিব । আনহাতে অন্ত্যেষ্টিক্ৰিয়াত মাত্ৰ ২০ জন লোকক অনুমতি দিয়া হৈছে ।

লগতে পঢ়ক:চৰকাৰৰ 'শূণ্য শ্ল’গান'ক সমালোচনা ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

...view details