নেশ্যনেল ডেস্ক, 21জুন:ক'ভিড-19ৰ নিষেধাজ্ঞাৰ ক্ষেত্ৰত আৰু অধিক শিথিলতা প্ৰদান কৰি অৱশেষত বাৰ আৰু ৰাজহুৱা উদ্যান খোলাৰ অনুমতি দিলে দিল্লী চৰকাৰে ৷ সেই অনুসৰি, সোমবাৰৰ পৰা ৰাষ্ট্ৰৰ ৰাজধানী দিল্লীত বাৰসমূহৰ লগতে ৰাজহুৱা উদ্যান, বাগিচা আৰু গ'ল্ফ ক্লাৱসমূহ খোলা থাকিব ৷ অৱশ্যে এইক্ষেত্ৰত কিছুমান বিশেষ চৰ্ত বান্ধি দিয়া হৈছে ৷ দিল্লীৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা এক নিৰ্দেশনা অনুসৰি, 28 জুনৰ পুৱা 5 বজালৈ 50 শতাংশ আসন ক্ষমতাৰে ৰেষ্টুৰেন্ট আৰু বাৰসমূহক ক্ৰমান্বয়ে এক সপ্তাহৰ বাবে পুৱা 8 বজাৰ পৰা নিশা 10 বজালৈ আৰু পাচৰটো সপ্তাহত 12 বজাৰ পৰা নিশা 10 বজালৈ খোলা ৰখাৰ অনুমতি প্ৰদান কৰা হৈছে ৷
বিবৃতিটোত উল্লেখ থকা অনুসৰি, সকলো বজাৰ, বজাৰ কমপ্লেক্স আৰু শ্বপিঙ মল পুৱা 10 বজাৰ পৰা সন্ধিয়া 8 বজালৈ খোলাৰ প্ৰদান কৰা হৈছে ৷ সকলো চৰকাৰী কাৰ্যালয় 100 শতাংশ ক্ষমতাৰে গ্ৰেড-1 বা সমতুল্য আৰু তাৰো ওপৰৰ বিষয়াসকলৰ সৈতে কাম আৰম্ভ কৰিব ৷ বাকী কৰ্মচাৰীসকল বিভাগৰ মুৰব্বীয়ে মূল্যাংকন কৰা প্ৰয়োজনীয়তা অনুসৰি 50 শতাংশ উপস্থিত থাকিব ৷ ইফালে সকলো ধৰণৰ ব্যক্তিগত কাৰ্যালয়ক পুৱা 9 বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ 50 শতাংশ কৰ্মচাৰীৰে কাম কৰাৰ অনুমতি প্ৰদান কৰা হৈছে ৷