অসম

assam

ETV Bharat / bharat

ৰোহিনী আদালত কাণ্ড : ঘটনাৰে জড়িত দুজনক গ্ৰেপ্তাৰ - ৰোহিনী আদালতত গুলিয়াগুলী

শুকুৰবাৰে দিল্লীৰ ৰোহিনী আদালতত সংঘটিত গুলীয়াগুলিৰ ঘটনাৰে জড়িত আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দিল্লী আৰক্ষীৰ বিশেষ শাখা ৷

Delhi: Two arrested in Rohini court shootout
ৰোহিনী আদালত কাণ্ড : ঘটনাৰে জড়িত দুজনক গ্ৰেপ্তাৰ

By

Published : Sep 26, 2021, 2:10 PM IST

নেশ্যনেল ডেস্ক, 26 ছেপ্তেম্বৰ : দিল্লীৰ ৰোহিনী আদালতত সংঘটিত গুলীয়াগুলিৰ ঘটনাৰে জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীৰ বিশেষ শাখাই ৷ ঘটনাৰ সংঘটিত হোৱাৰ পিছৰে পৰা পলাতক হৈ আছিল ধৃত উমংগ (22) আৰু বিনয় (19) ৷ ঘটনাৰ সৈতে জড়িত থকা আন অভিযুক্তসকলকো অতি শীঘ্ৰে আটক কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে আৰক্ষীয়ে ৷

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, এই সমগ্ৰ ঘটনাৰ আঁৰত আছে মণ্ডোলী কাৰাগাৰৰ 15 নম্বৰ কোঠাৰ কয়দী সুনীল ওৰফে তিল্লু ৷ আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে ঘটনাৰে জড়িত চাৰিওগৰাকী ব্যক্তি ক্ৰমে উমংগ, বিনয়, জগদ্বীপ আৰু ৰাহুল তিল্লু গেঙৰে সদস্য ৷ ইয়াৰে জগদ্বীপ আৰু ৰাহুলৰ ঘটনাস্থলীতে আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু হয় ৷

ৰোহিনী আদালত কাণ্ড : ঘটনাৰে জড়িত দুজনক গ্ৰেপ্তাৰ

আদালতলৈ ৰাওনা হোৱাৰ পূৰ্বে চাৰিও এখন Mallত সাক্ষাৎ কৰিছিল ৷ পৰিকল্পনা অনুসৰি উমংগে আদালতক বাহিৰত এখন বাহনত ৰৈ থাকিব আৰু বাকী তিনিওজনে ‘গোগী’ক হত্যা কৰিবলৈ আদালতত প্ৰৱেশ কৰিব ৷

লগতে পঢ়ক :মণিপুৰত মাৰণাস্ত্ৰসহ আটক NSCN, কুকি উগ্ৰপন্থী

কিন্তু এই পৰিকল্পনা বিফল হোৱাত উমংগ আৰু বিনয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ আদালতৰ গেট নম্বৰ 8 ৰ কাষত থকা চিচিটিভি কেমেৰাত দুয়োৰে সন্দেহজনক কাৰ্য-কলাপ ধৰা পৰিছিল ৷ এই চিচিটিভি ফুটেজৰ ভিত্তিতে আৰক্ষীয়ে দুয়োকে আটক কৰিছে ৷

এজাহাৰ অনুসৰি, আৰক্ষীয়ে শুকুৰবাৰে গোচৰৰ শুনানিৰ বাবে তিহাৰৰ পৰা ৰোহিনী আদালতলৈ বিচাৰাধীন বন্দী 'গোগী'ক আনিছিল । ২০৭ নং আদালত কক্ষত অতিৰিক্ত সত্ৰ ন্যায়াধীশ গগনদীপ সিং, আদালতৰ কৰ্মচাৰী আৰু প্ৰায় ৫-৬ জন অধিবক্তা উপস্থিত থকা সময়তে হঠাতে উকীলৰ ছদ্মবেশত দুজন ব্যক্তি থিয় হৈ 'গোগী'ৰ ওপৰত নিৰ্বিচাৰভাৱে গুলীবৰ্ষণ আৰম্ভ কৰে । আৰক্ষীয়ে তৎক্ষণাত সকলোৰে সুৰক্ষা আৰু নিৰাপত্তাৰ কথা বিবেচনা কৰি দুয়োজন সশস্ত্ৰ লোকক গুলীয়াই হত্যা কৰে ৷

এই সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰশান্ত বিহাৰ আৰক্ষী চকীত ৰুজু কৰা হৈছিল যদিও সম্প্ৰতি ইয়াক অপৰাধ শাখালৈ হস্তান্তৰ কৰা হৈছে ৷

লগতে পঢ়ক :উত্তৰ কাশ্মীৰৰ বন্দীপোৰাত এনকাউণ্টাৰ

ABOUT THE AUTHOR

...view details