নিউজ ডেস্ক, ২৬ মে' : শনিবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব কেজৰিৱালে (Kejriwal to meet KCR on Saturday) । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে হায়দৰাবাদত কে চন্দ্ৰশেখৰ ৰাওক সাক্ষাৎ কৰি ৰাষ্ট্ৰীয় ৰাজধানীত সেৱা নিয়ন্ত্ৰণৰ ওপৰত কেন্দ্ৰৰ অধ্যাদেশৰ বিৰোধিতা কৰিবলৈ ভাৰত ৰাষ্ট্ৰ সমিতিৰ সমৰ্থন বিচাৰিব (Delhi services ordinance issue) ।
আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালে (AAP national convenor Arvind Kejriwal) অধ্যাদেশখনৰ বিৰুদ্ধে তেওঁলোকৰ সমৰ্থন সংগ্ৰহ কৰিবলৈ অনা বিজেপি দলৰ নেতাসকলক সাক্ষাৎ কৰি আছে (Kejriwal meets non BJP party leaders) । তেওঁৰ উদ্দেশ্য হৈছে এই অধ্যাদেশখন যাতে সংসদলৈ অনাৰ সময়ত কেন্দ্ৰই ইয়াক বিধেয়কৰ জৰিয়তে সলনি কৰাৰ প্ৰচেষ্টাত পৰাস্ত হয় । কেজৰিৱালে টুইট কৰি কয়, "মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে বিজেপি চৰকাৰে গৃহীত কৰা অসাংবিধানিক আৰু অগণতান্ত্ৰিক অধ্যাদেশৰ বিৰুদ্ধে সমৰ্থন বিচাৰি কাইলৈ হায়দৰাবাদত তেলেংগানাৰ মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিম (Telangana CM K Chandrasekhar Rao) ।"
উল্লেখ্য, চলিত সপ্তাহৰ আৰম্ভণিতে তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ নেত্ৰী মমতা বেনাৰ্জী (Kejriwal met Mamata Banerjee), শিৱসেনাৰ (ইউবিটি) মুৰব্বী উদ্ধৱ থাকৰে আৰু এনচিপিৰ মুৰব্বী শৰদ পাৱাৰক সাক্ষাৎ কৰি বিষয়টো সন্দৰ্ভত তেওঁলোকৰ সমৰ্থন বিচাৰিছিল । কেজৰিৱালে বিষয়টোত সমৰ্থনৰ বাবে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু দলৰ নেতা ৰাহুল গান্ধীকো লগ কৰিবলৈ সময় বিচাৰিছে ।