নেশ্যনেল ডেস্ক, 3 আগষ্ট :অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিীৰ বাবে মোক্ষম আঘাত ৷ বৃহস্পতিবাৰে এক হুলস্থুলীয়া পৰিৱেশৰ মাজত দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (সংশোধনী) বিধেয়ক, ২০২৩ গৃহীত হয় ৷ বিধেয়কখন গৃহীত হোৱাৰ পিচতে বিৰোধী সাংসদসকলে সদনৰ পৰা ওলাই আহে ৷ সদনে বিধেয়কখন মঞ্জুৰ কৰাৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উল্লেখ কৰিছিল যে দিল্লীৰ জনসাধাৰণক ত্বৰান্বিত কৰিবলৈ এই বিধেয়কখন গৃহীত কৰা হৈছে ৷
মুখ্যমন্ত্ৰী কেজৰিৱালে এক টুইটত উল্লেখ কৰে যে, "আজি লোকসভাত মই অমিত শ্বাহজীয়ে দিল্লীৰ জনসাধাৰণৰ অধিকাৰ কাঢ়ি নিয়া বিধেয়কখনৰ ওপৰত ৰখা ব্যক্তব্য শুনিলো ৷ বিধেয়কখন সমৰ্থন কৰিবলৈ তেওঁলোকৰ হাতত এটাও বৈধ যুক্তি নাই ৷ তেওঁলোকে চালে বেৰে কোবাই বক্তব্য ৰাখিছে ৷ তেওঁলোকে এইটো ভালকৈয়ে জানে যে, তেওঁলোকে ভুল কৰি আছে ৷ এই বিধেয়কখনে দিল্লীৰ লোকসকলক দাসত্বলৈ ত্বৰান্বিত কৰাৰ বুদ্ধি পাঙিছে ৷ এখন বিধেয়কখনে অসহায় লোকসকলক অধিক অসহায় কৰি তুলিব ৷"
পৰৱৰ্তী সময়ত আন এটা টুইটত কেজৰিৱালে 2013 চনৰ 2 ডিচেম্বৰত বিজেপি দিল্লীয়ে শ্বেয়াৰ কৰা এই টুইট উল্লেখ কৰি কয় যে, প্ৰতিবাৰেই বিজেপিয়ে দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷ 2014 চনত প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই কৈছিল যে, প্ৰধানমন্ত্ৰী হোৱাৰ পিচত তেওঁ দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিব ৷ কিন্তু আজি এই লোকসকলে দিল্লীৰ লোকসকলক বিশ্বাসঘাতকতা কৰিছে ৷ এতিয়াৰ পৰা মোদীজীৰ একো কথাকে বিশ্বাস নকৰিব ৷