নতুন দিল্লী,5 এপ্ৰিল:দেশত ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে কৰ’ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা ৷ ৰাজধানী দিল্লীতো ভাইৰাছবিধত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ৷ বিগত 24 ঘণ্টাত, 4000 নতুন আক্ৰান্তৰ কথা পোহৰলৈ আহিছে ৷ নতুনকৈ আক্ৰান্তৰ ভিতৰত 21 গৰাকীৰ ইতিমধ্যে মৃত্যু ঘটিছে ৷ ৰাজধানী চহৰখনৰ বিদ্যালয় কৰ্তৃপক্ষসকলে এই সন্দৰ্ভত সাৱধানতা অৱলম্বন কৰা দেখা গৈছে ৷
শিক্ষাৰ্থীসকল কোঠালৈকে সীমিত
দিল্লীৰ ৰাজেন্দ্ৰ নগৰত আছে আৰ্য কন্যা আৱাসিক বিদ্যালয় ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকী কৰ’ণাত আক্ৰান্ত হৈছে ৷ লগতে কৰ’ণা পৰীক্ষা কৰা 9 গৰাকী শিক্ষাৰ্থীৰ 7 গৰাকীৰে দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে ৷ বিদ্যালয় কৰ্তৃপক্ষই বাকী থকা শিক্ষাৰ্থীসকলক ইতিমধ্যে ঘৰলৈ পঠিয়াই দিছে ৷ তদুপৰি শিক্ষাৰ্থীসকলক কৰ’ণা পৰীক্ষা কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰে ৷