অসম

assam

ETV Bharat / bharat

মাচুল আদায় নিদিয়াৰ বাবেই শ্ৰেণীকোঠাত বন্ধ কৰি ৰাখিলে ছাত্ৰ ছাত্ৰীক - GD Goenka School in New Delhi

মাচুল আদায় নিদিয়াৰ বাবেই কণ-কণ ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ শ্ৰেণীকোঠাত ৩ ঘণ্টা আবদ্ধ কৰি ৰখাৰ অভিযোগ অভিভাৱকৰ ৷ এই ঘটনা সংঘটিত হৈছে দিল্লীৰ জি ডি গোয়েংকা স্কুলত (GD Goenka School in New Delhi) ৷

Delhi school locks up students for non payment of fees
মাচুল আদায় নিদিয়াৰ বাবেই শ্ৰেণীকোঠাত বন্ধ কৰি ৰাখিলে ছাত্ৰ ছাত্ৰীক

By

Published : Sep 7, 2022, 12:45 PM IST

নেশ্যনেল ডেস্ক, 7 চেপ্টেম্বৰ: এখন ব্যক্তিগত বিদ্যালয়ৰ আজব কাণ্ড ৷ মাচুল আদায় নিদিয়াৰ বাবেই কণ-কণ ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ শ্ৰেণীকোঠাত ৩ ঘণ্টা আবদ্ধ কৰি ৰখাৰ অভিযোগ অভিভাৱকৰ ৷ এই ঘটনা সংঘটিত হৈছে দিল্লীৰ জি ডি গোয়েংকা স্কুলত (GD Goenka School in New Delhi) ৷

বিগত দুটা বৰ্ষত দেশত ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বাৰুকৈ ক্ষতিগ্ৰস্ত সাধাৰণ জনতা ৷ ফলত ক’ভিড সৃষ্ট পৰিৱেশৰ সময়ছোৱাত বিদ্যালয়ৰ মাচুল জমা কৰাত অসমৰ্থ হৈছিল বিদ্যালয়খনত অধ্যায়নৰত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকল ৷ ফলত বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষা দিবলৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।

আনহাতে অভিভাৱকসকলৰ অভিযোগ, শ্ৰেণীকোঠাটোত আবদ্ধ কৰি ছাত্ৰ-ছাত্ৰীক হাৰাশাস্তি কৰাৰ লগতে আনকি বাথৰুম পৰ্যন্ত ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাছিল (Delhi school locks up students for non payment of fees)।

এগৰাকী অভিভাৱক অংকিত মানে কয় যে, "বিদ্যালয়খনৰ স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে আদালতত এখন আবেদন দাখিল কৰা হৈছে । কিন্তু বিদ্যালয়খন এজন ৰাজনীতিবিদৰ পত্নীয়ে চলাই আছে ফলত বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । কিন্তু প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰালৈকে আমি দৃঢ়তাৰে থিয় দিম।"

লগতে পঢ়ক:শোচনীয় অৱস্থাত ৰাজ্য়ৰ হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয়

ABOUT THE AUTHOR

...view details