নিউজ ডেস্ক, 11 জুন :সুৰা সেৱনকাৰী সকলৰ বাবে ভাল খবৰ ৷ এতিয়া পৰা আপুনি ঘৰতে বহি সুৰা লাভ কৰিব পাৰিব ৷ এটা বিশেষ ৱেবছাইট(Website) তথা ম'বাইল এপ (Mobile App)ৰ জৰিয়তে সুৰা হোম ডেলিভাৰী (online delivery of liquor) যোগে লাভ কৰিব আপুনি ৷ পিচে এই সুৰাৰ হোম ডেলিভাৰী ব্যৱস্থা কৰিছে দিল্লী চৰকাৰে ৷
শেহতীয়াকৈ ক'ভিড গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে সংশোধিত আৱকাৰী আইনৰ অধীনত ম’বাইল এপ আৰু ৱেবছাইটৰ জৰিয়তে সুৰাৰ হোম ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰিছে ৷ ইতিমধ্যে এই ব্যৱস্থা 11 জুন তথা শুকুৰবাৰৰ পৰা কাৰ্যকৰী কৰা হৈছে ৷
দিল্লী চৰকাৰৰ বিত্তীয় বিভাগৰ নিৰ্দেশনা অনুসৰি নিয়মসমূহৰ 21 টা সংশোধনীৰ 18 টা সংশোধনী 11 জুনৰ পৰা কাৰ্যকৰী কৰা হৈছে ৷ মন কৰিবলগীয়া যে দিল্লীৰ চৰকাৰে ম’বাইল এপ তথা ৱেবছাইটৰ জৰিয়তে সুৰা হোম ডেলিভাৰী (online delivery of liquor) ৰ ব্যৱস্থা শুকুৰবাৰৰ পৰা কাৰ্যকৰী কৰিছে যদিও আবকাৰী বিভাগে এতিয়াও L-13 অনুজ্ঞাপত্ৰ প্ৰদান তথা অনুমোদন কৰা নাই ৷
উল্লেখ্য যে, দিল্লী চৰকাৰে সুৰা হোম ডেলিভাৰী (online delivery of liquor) ৰ ব্যৱস্থা কৰিছে যদিও সুৰা হোম ডেলিভাৰী দিয়া গৰাকীৰ L-13 অনুজ্ঞাপত্ৰ( L 13 licence) থাকিব লাগিব ৷ ইফালে সামাজিক অনু্ষ্ঠান, হোষ্টেল আৰু কাৰ্যালয়ত সুৰা হোম ডেলিভাৰী দিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে দিল্লী প্ৰশাসনে ৷