নিউজ ডেস্ক , ২০ জানুৱাৰী :যোৱা বছৰ দিল্লী নাগৰিকত্ব সংশোধনী আইন বলবৎৰ পূৰ্বে এক সাম্প্ৰদায়িক সংঘৰ্ষৰ দুইগৰাকী অভিযুক্তৰ জামিন মঞ্জুৰ কৰে দিল্লী আদালতে । এই সংঘৰ্ষত জাফ্ৰাবাদত এগৰাকী ব্য়ক্তিৰ ঘৰ জ্বলাই দিয়া ঘটনাত জড়িত দুই অভিযুক্ত চানু আৰু জাৰিফক ২০ হাজাৰ টকাৰ জৰিমণা বিহাৰ লগতে তেওঁলোকৰ জামিন আবেদন মঞ্জুৰ কৰে সত্ৰ আদালতে ।
বিগত বছৰৰ ৮ এপ্ৰিলৰ পৰাই দুয়োগৰাকী অভিযুক্ত ন্য়ায়িক জিম্মাত আছিল । ইফালে এই ঘটনাৰ লগত জড়িত আন দুই অভিযুক্তক ইয়াৰ পূৰ্বে জামিন মঞ্জুৰ কৰা হৈছিল । জামিন মঞ্জুৰ কৰাৰ লগতে দুয়োগৰাকীকে বিনা অনুমতিত দিল্লীৰ পৰা বাহিৰলৈ যাব নোৱাৰিব বুলিও নিৰ্দেশ দিয়ে আদালতে । শুনানীৰ সময়ত দুয়োগৰাকী অভিযুক্তৰ হৈ অধিবক্তাই দাবী কৰিছিল যে তেওঁলোকক মিছাকৈয়ে এই ঘটনাৰ লগত জড়িত কৰা হৈছে ।