নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল :দেশৰ ৰাজধানী নতুন দিল্লীত ক'ভিডৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দিল্লীত একেৰাহে দ্বিতীয় দিনাও ক'ভিড আক্ৰান্ত ৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে (Delhi reports 7 Covid deaths)। ক'ভিড আক্ৰান্তৰ সংখ্যা বুধবাৰৰ তুলনাত কম যদিও মৃত্যুৰ সংখ্যা একে হোৱাৰ লগে লগে এতিয়া দেশৰ ৰাজধানীত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে ।
শুকুৰবাৰে প্ৰকাশ পোৱা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানীত যোৱা ২৪ ঘণ্টাত ৮৬৫ গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে (Covid infection in Delhi)। বুধবাৰে এই সংখ্যা আছিল ১,০৪০ টা । ইয়াৰ লগে লগে ৰাষ্ট্ৰীয় ৰাজধানীত ক'ভিড আক্ৰান্তৰ মুঠ সংখ্যা হ'লগৈ ২০,৩৭,০৬১ টা । এতিয়ালৈ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ২৬,৬২০ গৰাকী লোকৰ ।
স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি দিল্লীত যোৱা ২৪ ঘণ্টাত মুঠ ৫,১১৭ টা ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু ১,২৮৭ গৰাকী ৰোগী ক'ভিডৰ পৰা আৰোগ্য হৈছে । বুধবাৰে আক্ৰান্তৰ হাৰ আছিল ২১.১৬ শতাংশ । কিন্তু এই আক্ৰান্ত হাৰ কিছু হ্ৰাস হৈ বৃহস্পতিবাৰে হৈছে ১৬.৯০ শতাংশ । ৰাষ্ট্ৰীয় ৰাজধানীত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৪,৭০৮ গৰাকী (Covid active case in Delhi)। ইয়াৰ ভিতৰত ৩০৫ জন ৰোগী বৰ্তমান চিকিৎসাধীন হৈ আছে ।