অসম

assam

ETV Bharat / bharat

Covid cases in Delhi : দিল্লীত পুনৰ ক'ভিডৰ সন্ত্ৰাস; এদিনতে ৭ জনৰ মৃত্যু - দিল্লীত পুনৰ কভিডৰ সন্ত্ৰাস

দেশৰ ৰাজধানীত ক'ভিডৰ সংক্ৰমণে ভয়ংকৰ ৰূপ লৈছে (Covid infection in Delhi)। যোৱা ২৪ ঘণ্টাত ১,০৪০ জন লোকৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ লগতে ৭ গৰাকী ক'ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে । ২৪ ঘণ্টাত দেশৰ ২৬ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ।

Covid cases in Delhi
দিল্লীত পুনৰ ক'ভিডৰ সন্ত্ৰাস

By

Published : Apr 27, 2023, 12:11 PM IST

নেশ্যনেল ডেস্ক,২৭ এপ্ৰিল :ক'ভিডৰ দ্ৰুত সংক্ৰমণ পুনৰ এবাৰ দেশবাসীৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে । শেহতীয়াকৈ দেশৰ ভিন্ন প্ৰান্তত ক'ভিডে ভয়ংকৰ ৰূপ লৈছে । ৰাজধানী দিল্লীত ক'ভিড পৰিস্থিতি অতি উদ্বেগজনক হৈ পৰিছে (Covid cases in Delhi)। একেদিনাই দেশৰ ৰাজধানীত ৭ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু হৈছে । ২৪ ঘণ্টাৰ ভিতৰত নতুনকৈ আক্ৰান্ত হৈছে ১,০৪০ গৰাকী লোক ।

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানীত যোৱা ২৪ ঘণ্টাত মুঠ ৪,৯১৫ টা ক'ভিড পৰীক্ষা কৰা হৈছে আৰু ১,৩২০ গৰাকী ৰোগী ক'ভিডৰ পৰা আৰোগ্য হৈছে । তথ্য অনুসৰি একেৰাহে দ্বিতীয় দিনৰ বাবে চহৰখনত ১,০০০ ৰো অধিক ক'ভিডৰ ঘটনা পোহৰলৈ আহিছে । বুধবাৰে আক্ৰান্তৰ হাৰ আছিল ২১.১৬ শতাংশ । ৰাষ্ট্ৰীয় ৰাজধানীত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৪,৭০৮ গৰাকী (Covid active case in Delhi)। ইয়াৰ ভিতৰত ৩০৫ জন ৰোগী বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।

ইফালে বৰ্ধিত ক'ভিড সংক্ৰমণৰ মাজতে চিকিৎসা বিশেষজ্ঞসকলে পূৰ্বেই সতৰ্ক কৰি দিছে যে নতুন এক্সবিবি ১.১৬ প্ৰকাৰটোৱে ৰোগ প্ৰতিৰোধ ক্ষমতাক প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে । কেইবাখনো ৰাজ্যত ক'ভিডৰ সংক্ৰমণে ভয়ংকৰ ৰূপ লৈছে । ইয়াৰ মাজতে ১০ আৰু ১১ এপ্ৰিলত মুঠ ৩৩,৬৮৫ খন স্বাস্থ্য কেন্দ্ৰ আৰু চিকিৎসালয়ত ক'ভিড সম্পৰ্কীয় মক ড্ৰিল কৰা হৈছিল । তাৰ ভিতৰত আছে ২৮,০৫০ খন চৰকাৰী আৰু ৫,৬৩৫ টা ব্যক্তিগত প্ৰতিষ্ঠান ।

এই মাহৰ আৰম্ভণিতে, ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কৈছিল যে বৰ্ধিত ক'ভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত অধিবক্তাসকলে আদালতত ভাৰ্ছুৱেলী হাজিৰ হ'ব পাৰিব । আদালতৰ কামবোৰ যিমান সম্ভৱ ভাৰ্ছুৱেলী কৰিবলৈও মুখ্য ন্যায়াধীশগৰাকীয়ে অধিবক্তাসকলক আহ্বান জনাইছিল ।

উল্লেখ্য যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ৯,৩৫৫ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে (Covid cases in India)। ইয়াৰ লগতে দেশত ২৬ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ।

লগতে পঢ়ক :Congress BJP clash in Kerala: বন্দে ভাৰত এক্সপ্ৰেছত কোনে আঁৰিলে কংগ্ৰেছী সাংসদৰ পোষ্টাৰ !

ABOUT THE AUTHOR

...view details