যোৰহাট, 6 জানুৱাৰী : দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰা বুল্লী বাই নামৰ এপৰ মূল ষড়যন্ত্ৰকাৰীক অসমৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । দিল্লী আৰক্ষীৰ এটা অভিযানকাৰী দলে বৃহস্পতিবাৰে যোৰহাট আৰক্ষীৰ সহযোগত বুল্লী বাই নামৰ এপটোৰ মূল ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ কৰে (main culprit of bulli bai app arrested) ।
ধৃত বুল্লী বাই নামৰ এপৰ মূল ষড়যন্ত্ৰকাৰীজন নীৰজ বিষ্ণৈ বুলি আৰক্ষীয়ে জনাইছে । বুল্লী বাই এপৰ মূল ষড়যন্ত্ৰকাৰী নীৰজ বিষ্ণৈ (Bulli Bai App creaotor Neeraj Bishnoi)ক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দিল্লীলৈ নিয়ে । উল্লেখ্য যে, দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰা বুল্লী বাই এপটো ইতিমধ্যে চৰকাৰে বন্ধ কৰিছে । এই এপটোৰ জৰিয়তে মুছলমান সম্প্ৰদায়ৰ বিভিন্ন মহিলা তথা বিশিষ্ট মহিলা সমাজকৰ্মী, সাংবাদিকসকলৰ ফটো আপলোড কৰি সন্মান হানি কৰাৰ বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছিল । এই সন্দৰ্ভত দেশৰ বিভিন্ন আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে ।
Bulli Bai App ৰ জৰিয়তে মুছলমান মহিলাৰ শ্লীলতা হানি কৰি ৰঙাঘৰৰ আলহী ইজনৰ পিছত সিজন মন কৰিব লগীয়া যে, ইতিমধ্যে দেশৰ বহুসংখ্যক মহিলাক জালত পেলোৱা হৈছিল এই এপটোৰ জৰিয়তে । ঘটনা সন্দৰ্ভত মুম্বাইত গ্ৰেপ্তাৰ কৰা হৈছে তিনিজনক । বাগাংলুৰুতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ২১ বছৰীয়া ছাত্ৰক । এই ঘটনা সন্দৰ্ভত দিল্লী, মুম্বাই আৰক্ষীৰ তদন্ত অব্যাহত আছে ।
ধৃত নীৰজ বিষ্ণৈ ভেল্লৰ ইনষ্টিটিউট অৱ টেকন’লজীৰ বি–টেকৰ ছাত্ৰ । এপটোৰ জড়িয়তে মুছলিম মহিলাৰ ফটো নিলাম কৰিছিল এটা গ্ৰুপে ৷ এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে লাভ কৰা এক এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল ৷ মুম্বাইতো ৰুজু কৰা হৈছিল গোচৰ ৷ অৱশেষত বৃহস্পতিবাৰে যোৰহাটৰ দিগম্বৰ চুকৰ নিজা ঘৰৰ পৰা দিল্লী আৰক্ষীয়ে আটক কৰিছে নীৰজ বিষ্ণৈক ৷ এই সন্দৰ্ভত ১৫৩(এ)/১৫৩(বি)/২৯৫((এ)/৩৫৪(ডি)/৫০৯(ডি) ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছিল ৷ সম্প্ৰতি এই ঘটনাকলৈ সমগ্ৰ দেশ জুৰি অব্যাহত আছে তীব্ৰ চাঞ্চল্য ৷
লগতে পঢ়ক :Anti drugs mission in Darrang : দৰং আৰক্ষীয়ে জব্দ কৰিলে 2.10 কিল’গ্ৰাম গাঞ্জা