অসম

assam

ETV Bharat / bharat

১৪ দিনৰ আৰক্ষী জিম্মাত দিল্লীত গ্ৰেপ্তাৰ হোৱা পাক সন্ত্ৰাসবাদী আলী - দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা

দিল্লী আৰক্ষীৰ আয়ুক্ত ৰাকেশ আস্থানাৰ নেতৃত্বত চলা এক অভিযানত গ্ৰেপ্তাৰ হয় এটা পাকিস্তানী সন্ত্ৰাসবাদী । সন্ত্ৰাসবাদীটোৰ পৰা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ । ১২ বছৰে ভাৰতৰ ক'ত আছিল সন্ত্ৰাসবাদীটো ? ভাৰতত কি ধৰণৰ কূটাঘাতৰ পৰিকল্পনা কৰিছিল ধৃত সন্ত্ৰাসবাদীটোৱে ? চাওক সবিশেষ ৷

Pakistani terrorist
অৱশেষত গ্ৰেপ্তাৰ ১২ বছৰে ভাৰতত আত্মগোপন কৰি থকা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

By

Published : Oct 12, 2021, 9:16 PM IST

নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ :দিল্লী আৰক্ষীৰ এক বৃহৎ সফলতা । এক অভিযানৰ সময়ত দিল্লীৰ আৰক্ষীৰ বিশেষ কোষৰ (Special Cell) জালত পৰিল এটা দুৰ্ধৰ্ষ পাকিস্তানী সন্ত্ৰাসবাদী । জানিব পৰা মতে সন্ত্ৰাসবাদীটোৱে বিগত প্ৰায় ১০ বছৰে ভাৰতত আত্মগোপন কৰি আছিল । দিল্লীৰ লক্ষ্মী নগৰৰ ৰমেশ পাৰ্কৰ পৰা গ্ৰেপ্তাৰ কৰা হয় পাকিস্তানী সন্ত্ৰাসবাদীটোক ।

পাকিস্তানৰ দিশত থকা পাঞ্জাৱৰ বাসিন্দা সন্ত্ৰাসবাদীটোক মহম্মদ আশ্ৰফ ওৰফে আলী বুলি চিনাক্ত কৰা হৈছে । জানিব পৰা মতে পাকিস্তানী চোৰাংচোৱা আই এছ আইৰ (ISI) নিৰ্দেশত দিল্লীত আক্ৰমণৰ পৰিকল্পনা কৰিছিল আলীয়ে । সন্ত্ৰাসবাদীটোৰ পৰা আৰক্ষীয়ে অত্যাধুনিক অস্ত্ৰ, AK-৪৭, গ্ৰেনেড আৰু এটা ভুৱা ভাৰতীয় পৰিচয় পত্ৰ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে । সন্ত্ৰাসবাদীটোৰ বিৰুদ্ধে অভিযানটো দিল্লীৰ আৰক্ষী আয়ুক্ত ৰাকেশ আস্থানাৰ তত্বাৱধানত কৰা হৈছিল ।

বিশেষ কোষৰ ডিচিপি প্ৰমোদ কুশৱাহাই কোৱা মতে আশ্ৰাফে যোৱা ১০ বছৰ ধৰি সমগ্ৰ দেশৰ আজমেৰ, দিল্লী, বৈশালী আৰু উধমনগৰকে ধৰি বিভিন্ন স্থানত আত্মগোপন কৰি আছিল । ডিচিপিয়ে লগতে কয় যে দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনাৰ বিষয়ে আৰক্ষীয়ে এক খবৰ লাভ কৰিছিল । গোপন সূত্ৰৰ জৰিয়তে বিশেষ কোষে সোমবাৰে নিশা লক্ষ্মী নগৰৰ পৰা আশ্ৰাফক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

জেৰাৰ সময়ত এইটোও পোহৰলৈ আহিছে যে সন্ত্ৰাসবাদী আলীয়ে বৈশালীত এগৰাকী যুৱতীক বিয়াও পাতিছিল অৱশ্যে পাছত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় । আলী কেইবা বছৰ ধৰি সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছে । ইয়াৰ পূৰ্বে জম্মু আৰু কাশ্মীৰত সন্দেহজনক লোকক সাক্ষাৎ কৰিবলৈও গৈছিল আলীয়ে । আলীক নাছিৰ নামৰ এজন যুৱকে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি আহিছিল বুলি জানিব পৰা গৈছে ।

ইফালে জেৰাৰ সময়ত আলীয়ে স্বীকাৰ কৰিছে যে তেওঁ ২০১৪ চনত বাংলাদেশ হৈ ভাৰতত প্ৰৱেশ কৰিছিল আৰু পাকিস্তানৰ আইএছআই এজেণ্টৰ নিয়ন্ত্ৰণত আছিল । তেওঁ ভুৱা নথিপত্ৰৰে ডুবাই ভ্ৰমণ কৰিছিল । তেওঁ নিজকে দিল্লীৰ এগৰাকী ধৰ্মগুৰু হিচাপে চিনাকি দিছিল ।

আৰক্ষীক জনোৱা মতে আলীয়ে ২০০৫ চনত পাকিস্তানলৈ গৈছিল য'ত তেওঁক নাছিৰ নামৰ এগৰাকী পাকিস্তানী বিষয়াই প্ৰশিক্ষণ দিছিল । প্ৰশিক্ষণৰ পাছত তেওঁক ২০১৪ চনত বিহাৰৰ আৱাসিক ঠিকনাৰ সৈতে ভুৱা পাছপোৰ্টেৰে ভাৰতলৈ পঠিওৱা হৈছিল । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । ইফালে আদালতে সন্ত্ৰাসবাদীটোক ১৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক :OTP যোগে বিভিন্ন লোকক প্ৰৱঞ্চনা কৰি ফাণ্ডত পৰিল দিলোৱাৰ

ABOUT THE AUTHOR

...view details