নেশ্যনেল ডেস্ক, ২৫ এপ্ৰিল: দেশৰ লগতে দেশৰ ৰাজধানী দিল্লীতো ভয়াবহ ৰূপ ধাৰণ কৰিছে মহমাৰী কৰ'ণাই ৷ ইয়াৰ বাবে দিল্লী আৰক্ষীয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ । প্লাজমা দাতাসকল আৰু যিসকল লোকক প্লাজমাৰ প্ৰয়োজন সেইসকলৰ বাবে ডিজিটেল ডাটা বেংক স্থাপন কৰিছে দিল্লী আৰক্ষীয়ে । 'জীৱন ৰক্ষক' নামেৰে স্থাপন কৰিছে ডিজিটেল ডাটা বেংকটো । প্লাজমাৰ প্ৰয়োজন হোৱা ব্যক্তিসকলে অনলাইনযোগে পঞ্জীয়ন কৰিব পাৰিব । ইয়াৰ বাবে পঞ্জীয়নৰ লিংকটো দিল্লী আৰক্ষীৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হ'ব ।
'জীৱন ৰক্ষক' নামেৰে ডিজিটেল ডাটা বেংক স্থাপন দিল্লী আৰক্ষীৰ - প্লাজমা দাতাসকলৰ বাবে ডিজিটেল ডাটা বেংক স্থাপন
দিল্লী আৰক্ষীৰ বিশেষ পদক্ষেপ ৷ স্থাপন কৰিলে 'জীৱন ৰক্ষক' নামেৰে ডিজিটেল ডাটা বেংক । প্লাজমা দাতাসকলৰ প্লাজমা দানৰ উদ্দেশ্যেৰে এই ডিজিটেল ডাটা বেংক স্থাপন দিল্লী আৰক্ষীৰ ।
'জীৱন ৰক্ষক' নামেৰে ডিজিটেল ডাটা বেংক স্থাপন দিল্লী আৰক্ষীৰ
দিল্লী আৰক্ষীৰ বিবৃতি অনুসৰি, সাম্ভাব্য দাতাই নাম, বয়স, লিংগ, বৈবাহিক স্থিতি, আনুসাংগিক ৰোগ, সম্পৰ্ক, অৱস্থান, তেজৰ গোট, কৰ'ণাৰ পৰা আৰোগ্য হোৱাৰ তাৰিখ আদিৰ বিৱৰণ দিব লাগিব । এই সকলোবোৰ তথ্য দিল্লী আৰক্ষীৰ তত্বাৱধানত থাকিব ।
লগতে পঢ়ক: এভাৰেষ্ট অভিযানৰ বাবে নেপালৰ অভিলেখ সংখ্যক অনুমতি