অসম

assam

ETV Bharat / bharat

Delhi Police rescues girl of Assam: বহিঃ ৰাজ্যত উদ্ধাৰ অসমৰ যুৱতী - উত্তৰ-পূব অঞ্চলৰ বিশেষ আৰক্ষী গোট

শেহতীয়া কেইটামান বছৰত নিখোজ হৈছে ৰাজ্যৰ বহু যুৱতী-মহিলা ৷ মানৱ সৰবৰাহকাৰী চক্ৰৰ পাকচক্ৰত পৰি নিখোজ হৈছে বহু যুৱতী, কিশোৰী আনকি বিবাহিত মহিলাও । এনে সৰবৰাহকাৰী চক্ৰৰ কৱলত পৰা অসমৰ এগৰাকী কিশোৰীক বৃহস্পতিবাৰে নতুন দিল্লী ৰেল ষ্টেচনৰ পৰা উদ্ধাৰ কৰে দিল্লী আৰক্ষীয়ে (Girl rescued from Delhi human trafficker) ৷

delhi-police-rescued-a-girl-being-taken-from-asam-to-rajasthan-via-delhi
বহিঃ ৰাজ্যত উদ্ধাৰ অসমৰ যুৱতী

By

Published : Feb 10, 2022, 10:07 PM IST

নতুন দিল্লী, 10 ফেব্ৰুৱাৰী:ৰাজ্যত অব্যাহত আছে নাৰী সৰবৰাহকাৰী চক্ৰৰ কাৰ্য-কলাপ । বিভিন্ন প্ৰলোভনৰে যুৱতী-মহিলা সকলক পাকচক্ৰত সোমোৱাই লয় চক্ৰটোৱে ৷ প্ৰথমে চা-চিনাকি, তাৰ পিছত প্ৰেম আৰু পিছত প্ৰেমিকাক লৈ বহিঃ ৰাজ্যলৈ পলায়ণ কৰি গৈ অৱশেষত বিক্ৰী ক’ৰে সেই যুৱতী-মহিলাক । এইয়া সম্প্ৰতি এটা চিনাকি বাতৰি ৷

প্ৰতিদিনে এইদৰেই নিখোজ হৈছে ৰাজ্যৰ বহু যুৱতী-মহিলা ৷ মানৱ সৰবৰাহকাৰী চক্ৰৰ পাকচক্ৰত পৰিছে ৰাজ্যৰ বহু যুৱতী, কিশোৰী আনকি বিবাহিত মহিলাও । শেহতীয়াকৈ বৃহস্পতিবাৰে দিল্লী আৰক্ষীৰ উত্তৰ-পূব অঞ্চলৰ বিশেষ আৰক্ষী গোটে (স্পুনাৰ)(Special Police Unit of North-Eastern Region) (SPUNER) মানৱ সৰবৰাহকাৰীৰ কৱলত পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় অসমৰ এগৰাকী কিশোৰীক ৷

এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ দলটোৱে নতুন দিল্লী ৰেল ষ্টেচনৰ 16 নম্বৰ প্লেটফৰ্মত অৱস্থান কৰি থকা ৰাজধানী এক্সপ্ৰেছৰ পৰা ৰাজস্থানলৈ বুলি গৈ থকা অৱস্থাত কিশোৰীগৰাকীক উদ্ধাৰ কৰে (Delhi Police rescues girl of Assam) ৷ আৰক্ষীৰ জেৰাত উদ্ধাৰ হোৱা কিশোৰীগৰাকীয়ে বিগত কিছু দিনৰ পৰা হোৱাটছএপৰ জৰিয়তে এজন অচিনাক্ত ব্যক্তিৰ সৈতে যোগাযোগ কৰি আহিছিল বুলি স্বীকাৰ কৰে ৷ লগতে কিশোৰীগৰাকী অচিনাক্ত ব্যক্তিজনৰ লগত ৰাজধানী এক্সপ্ৰেছত ৰাজস্থান অভিমুখে গৈ আছিল বুলিও আৰক্ষীৰ আগত জনায় কিশোৰীগৰাকীয়ে (Trafficking of girl from Assam to Rajasthan) ৷ তেনে অৱস্থাতে আৰক্ষীৰ দলটোৱে কিশোৰীগৰাকীক নতুন দিল্লীৰ পৰা উদ্ধাৰ কৰে (Girl rescued from human trafficker) ৷

ঘটনা সন্দৰ্ভত নতুন দিল্লীৰ উত্তৰ-পূব অঞ্চলৰ বিশেষ আৰক্ষী গোট (স্পুনেৰ)ৰ যুটীয়া চিপি হিবু তামাঙে কয় যে, দিল্লী আৰক্ষীয়ে অসমৰ কিশোৰীগৰাকীক মানৱ সৰৱৰাহকাৰীয়ে ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছেৰে অসমৰ পৰা ৰাজস্থানলৈ সৰবৰাহ কৰিছিল । লগতে এই ঘটনাটো অনুসন্ধান কৰিবলৈ এছ আই নাগলুয়াং ৱাউং ৰাম, এএছআই ৰাজেন্দ্ৰ সিং, হৰি সিং, সুনীল দত্ত, ৰাকেশ, হেড কনিষ্টবল ৰাকেশ আৰু মহিলা কনিষ্টবল পুৰী ডেমিনৰ এটা দল গঠন কৰা হয় বুলি উল্লেখ কৰে চিপি হিবু তামাঙে ৷

ঘটনাৰ পৰৱৰ্তী সময়ত উদ্ধাৰ হোৱা কিশোৰীগৰাকীক নাৰী নিকেতনলৈ পঠোৱা হয় ৷ তাৰ পিছতেই কিশোৰীগৰাকীৰ ভায়েক দিল্লীত উপস্থিত হোৱাত আৰক্ষীয়ে কিশোৰীগৰাকীক ভায়েকৰ হাতত গতাই দিয়ে ৷

লগতে পঢ়ক :Land grabbing allegation : খেতিয়কক মাৰপিট কৰি ভূমি বেদখলৰ চেষ্টাত লিপ্ত কংগ্ৰেছ নেতা !

ABOUT THE AUTHOR

...view details