নেশ্যনেল ডেস্ক, ১৬ ছেপ্টেম্বৰ :শেহতীয়াকৈ দিল্লী আৰক্ষীৰ বিশেষ কোষে (Special cell) দেশৰ ভিন্ন প্ৰান্তৰ পৰা দুজন সন্ত্ৰাসবাদীসহ প্ৰায় ৬ জন লোকক আটক কৰিছিল । গ্ৰেপ্তাৰ কৰা সন্দেহজনক লোকসকলে সমগ্ৰ দেশতে হত্যা আৰু বোমা বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা কৰি আছিল । গ্ৰেপ্তাৰ কৰা লোকসকলৰ পৰা বিস্ফোৰক সামগ্ৰী আৰু আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে ।
সন্দেহযুক্ত চাৰিজন লোকক জান মহম্মদ আলী শ্বেখ, জিশান কামাৰ, ওছামা আৰু মহম্মদ আবু বাকাৰ বুলি চিনাক্ত কৰা হৈছিল । ইয়াৰ পাছতে আটাইকেইজনকে জেৰা কৰিছিল আৰক্ষীয়ে । অৱশেষত জেৰাৰ অন্তত তিনিজন সন্দেহজনক সন্ত্ৰাসবাদীক মুকলি কৰি দিয়ে আৰক্ষীয়ে ।
সন্ত্ৰাসবাদীৰ সন্দেহত উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা যুৱক তিনিজনক জেৰাৰ অন্তত মুকলি কৰি দিয়া হয় । তেওঁলোকক উত্তৰ প্ৰদেশৰ এটিএছৰ (ATS) এটা দলে আটক কৰি দিল্লী আৰক্ষীৰ বিশেষ শাখাক গতাই দিছিল । আৰক্ষীয়ে প্ৰাথমিক জেৰাত তিনিওজনৰ বিৰুদ্ধে কোনো প্ৰমাণ লাভ নকৰিলে । আৰক্ষীয়ে জনোৱা মতে ইমতিয়াজ আৰু মহম্মদ জলিলৰ বিৰুদ্ধে কোনো তথ্য পোৱা নাই, যাৰ বাবে তেওঁলোকক মুকলি কৰি দিয়া হৈছে ।
পাকিস্তানী সন্ত্ৰাসবাদীৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাছিল । অৱশ্যে বাকী কেইজনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । ধৃত লোক কেইজনৰ দুজনে পাকিস্তানত সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ লৈ আহিছিল । তেওঁলোকৰ পৰা আৰক্ষীয়ে ইতিমধ্যে বিদেশী অস্ত্ৰও উদ্ধাৰ কৰিছে ।
লগতে পঢ়ক :দিল্লী আৰক্ষীৰ জালত সন্দেহজনক সন্ত্ৰাসবাদী