নেশ্যনেল ডেস্ক,৩০ ডিচেম্বৰ :দিল্লী আৰক্ষীয়ে ইজৰাইলী দূতাবাসৰ সমীপত সন্দেহজনক বিস্ফোৰণ সন্দৰ্ভত এজাহাৰ পঞ্জীয়ন কৰিছে । এই এজাহাৰখন তুঘলক ৰোড আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছে । অচিনাক্ত লোকৰ বিৰুদ্ধে এজাহাৰখন দাখিল কৰা হৈছে বুলি দিল্লী আৰক্ষীয়ে নিশ্চিত কৰিছে ।
ইয়াৰ পূৰ্বে, দিল্লী আৰক্ষীয়ে ইজৰাইলী দূতাবাসৰ সমীপত সন্দেহজনক বিস্ফোৰণ সম্পৰ্কীয় ফোন কল সন্দৰ্ভত কোনো এজাহাৰ পঞ্জীয়ন কৰা নাছিল । কিন্তু ৩ দিনৰ অনুসন্ধানৰ পিছত এজাহাৰখন পঞ্জীয়ন কৰা হয় । দিল্লী আৰক্ষীৰ বিশেষ কোষৰ উপৰিও, এনআইএয়েও এই সন্দেহজনক বিস্ফোৰণৰ তদন্ত কৰি আছে । এতিয়ালৈকে কৰা তদন্তৰ অন্তত আৰক্ষীয়ে ১০ গৰাকী লোকৰ ভাষ্য সংগ্ৰহ কৰিছে । যিসকল লোকে বিস্ফোৰণ সদৃশ শব্দ শুনিছিল ।
চিচিটিভি ফুটেজ অনুসৰি সন্দেহজনক বিস্ফোৰণৰ সময়ত বা তাৰ পূৰ্বে ১২ গৰাকী লোক উক্ত স্থানত উপস্থিত আছিল । তাৰ ভিতৰত এজন ব্যক্তি অধিক সন্দেহজনক আছিল । যিগৰাকী লোকে এখন অ'ট'ত ইজৰাইলী দূতাবাসলৈ আহিছিল । ব্যক্তিজনে বিস্ফোৰণৰ কিছু সময় পূৰ্বে আন এখন অ'ট'ত উভতি গৈছিল । অনুসন্ধানকাৰী সংস্থাসমূহে সেই সন্দেহজনক লোকজনক বিচাৰি অনুসন্ধান চলাই আছে । ইফালে দিল্লী আৰক্ষীৰ দলে অ'ট' চালকজনক চিনাক্ত কৰি জেৰা কৰিছে । চালকজনে জনাইছে যে সন্দেহজনক লোকজনে জামিয়াৰ পৰা ১৫০ টকাত ইজৰাইল দূতাবাসৰ পিছফালৰ পৃথ্বীৰাজ ৰোডলৈ আহিবলৈ অ'ট'খন ভাড়ালৈ লৈছিল । চালকজনে আৰক্ষীক কোৱা মতে সেই লোকজনে ইংৰাজীতে কথা পাতি আছিল । আৰক্ষীয়ে ইতিমধ্যে সেই গোটেই পথটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা আৰম্ভ কৰিছে ।