নিউজ ডেস্ক, ২১ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে লাভ কৰিছে মৃত্যুৰ ভাবুকি । ৰাজধানী দিল্লীৰ উপকণ্ঠত থকা জিলা আৰক্ষীয়ে এজন ব্যক্তিৰ পৰা দুটা ফোনকল লাভ কৰে । উক্ত ফোনকলত তেওঁলোকক হত্যাৰ ভাবুকি দিয়ে । ইফালে এই ফোনকল লাভ কৰাৰ পিছতে ঘটনাটোৰ অনুসন্ধানৰ বাবে আৰক্ষীয়ে এটা দল গঠন কৰিছে ।
মোদী-শ্বাহ-নীতিশ কুমাৰক হত্যাৰ ভাবুকি আনহাতে, আৰক্ষীয়ে কল তালিকাৰ জৰিয়তে অভিযুক্তজনক চিনাক্ত কৰাৰ কাম আৰম্ভ কৰিছে । জানিব পৰা মতে, আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰিছে । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, অভিযুক্তৰ নাম সঞ্জয় বাৰ্মা । আনহাতে, পৰিয়ালৰ সদস্যসকলে জনোৱা মতে, সঞ্জয়ে নিশাৰ পৰাই সুৰা পান কৰি আছে । ইফালে আৰক্ষীয়ে সঞ্জয়ক বিচাৰি আছে । তেওঁ দিল্লীৰ মাদিপুৰ অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।
আনহাতে, দিল্লী আৰক্ষীৰ এজন বিষয়াই জনোৱা মতে, দিল্লী আৰক্ষীৰ বাহিৰৰ জিলা আৰক্ষীয়ে বুধবাৰে এজন ব্যক্তিৰ পৰা দুটা পিচিআৰ ফোনকল লাভ কৰে । উক্ত ফোনকলত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু বিহাৰৰ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়ে । দিল্লী আৰক্ষীয়ে লগতে কয় যে ফোন কৰা ব্যক্তিজনক বিচাৰি উলিওৱাৰ বাবে এটা দল গঠন কৰা হৈছিল আৰু দলটোৱে ইতিমধ্যে তেওঁক চিনাক্ত কৰিছে ।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰীকে ধৰি বহুতো ডাঙৰ ডাঙৰ নেতা তথা গুৰুত্বপূৰ্ণ ব্যক্তিয়ে মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে । বিগত মাহত ছয় বছৰ ধৰি নিবনুৱা হৈ থকা এজন যুৱকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল । দিল্লী আৰক্ষীয়ে অভিযুক্ত যুৱকজনৰ ফোনটোৰ অৱস্থান বিচাৰি উলিয়াই তেওঁক গ্ৰেপ্তাৰ কৰে । পিছত অভিযুক্তজনক কৰোলবাগৰ বাসিন্দা হেমন্ত বুলি চিনাক্ত কৰা হয় । অনুসন্ধানৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে অভিযুক্ত যুৱকজনে নিয়মীয়াকৈ সুৰাপান কৰে আৰু সুৰাৰ ৰাগীতে এনে দুষ্কাৰ্য কৰি থাকে ।
লগতে পঢ়ক :PM Modi on Yoga Day : ভাৰতৰ আহ্বানত ১৮০ খনতকৈও অধিক দেশ একত্ৰিত হোৱাটো ঐতিহাসিক