নিউজ ডেস্ক, 19 জানুৱাৰী : গণতন্ত্ৰ দিৱসৰ পেৰেডলৈ মাজত মাত্ৰ এটা সপ্তাহ বাকী ৷ এনে সময়ত এফালে সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ, অন্যহাতে চলি থকা কৃষকৰ ট্ৰেক্টৰ ৰেলীক ৰোধিবলৈও আৰক্ষী সম্পূৰ্ণ ৰূপে সাজু হৈ পৰিছে ৷ ইয়াৰ বাবে দিল্লীৰ বিভিন্ন স্থানত অল-কায়দা আৰু খালিস্থানৰ সৈতে জড়িত সন্ত্ৰাসবাদীৰ পোষ্টাৰ আঁৰি দিয়া হৈছে ৷ তদুপৰি কৃষক সংগঠন সমূহেৰে বাৰ্তালাপৰ উপৰিও সীমান্তত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷
গণতন্ত্ৰ দিৱস উপলক্ষে দিল্লীত নিচ্ছিদ্ৰ নিৰাপত্তা বেষ্টনী - কৃষকৰ ট্ৰেক্টৰ ৰেলী
গণতন্ত্ৰ দিৱসৰ পেৰেডৰ পূৰ্বে কটকটীয়া কৰি তোলা হৈছে দিল্লীৰ সুৰক্ষা ব্যৱস্থা ৷ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ বিভিন্ন স্থানত অল-কায়দা আৰু খালিস্থানৰ সৈতে জড়িত সন্ত্ৰাসবাদীৰ পোষ্টাৰো আঁৰি দিয়া হৈছে ৷
![গণতন্ত্ৰ দিৱস উপলক্ষে দিল্লীত নিচ্ছিদ্ৰ নিৰাপত্তা বেষ্টনী Delhi police making security on rajpath for republic day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10296348-492-10296348-1611046607085.jpg)
গণতন্ত্ৰ দিৱস উপলক্ষে দিল্লীত নিচ্ছিদ্ৰ নিৰাপত্তা বেষ্টনী
প্ৰাপ্ত খবৰ অনুসৰি, আগন্তুক মঙলবাৰে ৰাজপথত গণতন্ত্ৰ দিৱস উপলক্ষে পেৰেড উলিওৱা হ‘ব ৷ কৰ‘ণা মহামাৰীৰ বাবে চলিত বৰ্ষত কেৱল 25 হাজাৰ লোককহে কাৰ্যসূচীৰ বাবে আমন্ত্ৰিত কৰা হৈছে ৷ চলিত বৰ্ষৰ সমাৰোহত সাধাৰণ জনতা দৰ্শক হিচাপে উপস্থিত থাকিব নোৱাৰিব ৷ ইয়াৰোপৰি এই বৰ্ষৰ পেৰেডৰ কাৰ্যসূচীও সীমিত কৰা হৈছে ৷
লগতে পঢ়ক: চাৰি বছৰৰ মূৰত হোৱাইট হাউছত প্ৰৱেশ কৰিব এটা কুকুৰে