নেশ্যনেল ডেস্ক, ৯ জানুৱাৰী :ভাৰতত অশান্তি বিয়পোৱাৰ উদ্দেশ্যে বিভিন্ন সময়ত একাংশ দুষ্টচক্ৰই অসৎ পন্থা লোৱা দেখা যায় । এইবাৰ টুইটাৰৰ জৰিয়তে ভাৰতত সাম্প্ৰদায়িক হিংসা সৃষ্টিৰ চেষ্টা (Communal riots in India) কৰিছে তেনে চক্ৰই । শিখ সম্প্ৰদায়ক এইবাৰ লক্ষ্য কৰি লৈছে এই টুইটাৰ ব্যৱহাৰকাৰীয়ে । শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে ৪৬ টাকৈ টুইটাৰ একাউণ্ট চিনাক্ত কৰিছে য'ত এক ভুৱা ভিডিঅ' প্ৰচাৰ কৰা হৈছে ।
শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে এক আলোচনা দেখুওৱা হৈছে ভিডিঅ'টোত (Fake anti-Sikh video viral in twitter)। দিল্লী আৰক্ষীয়ে জনোৱা মতে বাস্তৱত সেই ভিডিঅ'টো চিডিএছ জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুৰ পাছত ৯ ডিচেম্বৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ আছিল । কিন্তু সাম্প্ৰদায়িক হিংসা, শত্ৰুতা বৃদ্ধিৰ দৰে অসৎ চিন্তাৰে সেই ভিডিঅ'টো সলনি কৰা হৈছে ।
নতুনকৈ ভইচ অভাৰ সংযোজন কৰা হৈছে ভিডিঅ'টোত । ইয়াৰ জৰিয়তে দুষ্টচক্ৰই দেখুৱাবলৈ চেষ্টা কৰিছে যে সেই কেবিনেট বৈঠকত শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে আলোচনা কৰা হৈছিল ।