নেশ্যনেল ডেস্ক, ৯ মাৰ্চ :"বুল্লী বাই"(Bulli Bai case) আৰু "চুল্লী ডিলছ"(Sulli Deals case) গোচৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে বিতং অভিযোগনামা দাখিল কৰিছে । সূত্ৰৰ মতে, দিল্লীৰ স্থানীয় আদালতত ৪ মাৰ্চত বুল্লী বাই গোচৰত ২,০০০ পৃষ্ঠা আৰু চুল্লী ডিলছ গোচৰত ৭০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে ।
উল্লেখ্য যে চুল্লী ডিলছ গোচৰ সম্পৰ্কে দিল্লী আৰক্ষীৰ চাইবাৰ অপৰাধ গোটে ৮ জুলাইত ভাৰতীয় দণ্ডবিধিৰ ৩৫৪-এ (যৌন নিৰ্যাতন আৰু যৌন নিৰ্যাতনৰ বাবে শাস্তি) ধাৰাৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰিছিল ।
অৱশ্যে অভিযোগনামাত ধাৰা ১৫৩ এ, ১৫৩ বি আৰু ৩৫৪ এ(৩) ধাৰাৰ অধীনত দাখিল কৰা হৈছে । আনহাতে বুল্লী বাই গোচৰটোত, অভিযুক্ত নীৰজ বিষ্ণৈৰ বিৰুদ্ধে ধাৰা ১৫৩এ, ১৫৩ বি,৩৫৪ এ আৰু ৫০৯ ধাৰাৰ অধীনত দাখিল কৰা হৈছে । দিল্লী আৰক্ষীৰ বিশেষ কোষৰ ইন্টেলিজেন্স ফিউজন এণ্ড ষ্ট্ৰেটেজিক অপাৰেচনচ (IFSO) গোটৰ দ্বাৰা গোচৰ দুটাৰ তদন্ত চলি আছিল ।