অসম

assam

ETV Bharat / bharat

কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাক আটক - দিল্লী আৰক্ষী

দিল্লী আৰক্ষীয়ে সোমবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰণদীপ সিং সুৰজেৱালা আৰু ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিক আটক কৰে । দিল্লী আৰক্ষীয়ে পুৱা বিজয় চকৰ পৰা প্ৰায় 10 বজাত আটক কৰিছে কংগ্ৰেছৰ দুয়োজন নেতাক ।

delhi-police-detains-congress-leader-randeep-surjewala
দিল্লী আৰক্ষীয়ে ৰাহুল গান্ধীক আটক কৰিব নোৱাৰে : কংগ্ৰেছ নেতা

By

Published : Jul 26, 2021, 10:02 PM IST

নেশ্যনেল ডেস্ক, 26 জুলাই :কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰণদীপ সিং সুৰজেৱালা আৰু ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিক আটক দিল্লী আৰক্ষীৰ । সোমবাৰে দিল্লী আৰক্ষীয়ে পুৱা প্ৰায় 10 বজাত বিজয় চকৰ পৰা কংগ্ৰেছৰ দুয়োজন নেতাক আটক কৰে । দুয়োগৰাকী কংগ্ৰেছ নেতাক ইতিমধ্যে মন্দিৰ মাৰ্গ আৰক্ষী চকীলৈ লৈ যোৱা হৈছে ।

ইয়াৰ পূৰ্বে পুৱাৰে পৰা কৃষক আন্দোলনক সমৰ্থন কৰি অহা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সংসদ ভৱনলৈ যোৱাৰ পথত ট্ৰেক্টৰ চলাই সকলোকে আচৰিত কৰি তোলে। ৰাহুলে সংসদত উপস্থিত হৈ কৃষি আইনক ক'লা আইনক কলা আইন আখ্যা দিয়াৰ লগতে ইয়াক তৎক্ষণাৎ প্ৰত্যাহাৰ কৰা উচিত বুলি মন্তব্য প্ৰকাশ কৰে ।

সংসদত উপস্থিত হোৱাৰ লগে লগে ৰাহুল গান্ধীয়ে ট্ৰেক্টৰখন কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালা আৰু আইৱাইচি(IYC) ৰ সভাপতি শ্ৰীনিবাস বিভিক গতাই দিয়ে । একে সময়তে ঘটনাস্থলীত দিল্লী আৰক্ষী উপস্থিত হয় আৰু কংগ্ৰেছৰ দুয়োজন নেতাক আটক কৰে । দুয়োজন নেতাই বৰ্তমান মন্দিৰ মাৰ্গ আৰক্ষী থানাত আছে । দিল্লী আৰক্ষীয়ে ট্ৰেক্টৰখনো জব্দ কৰিছে বুলি জানিব পৰা গৈছে ।

ইফালে, কংগ্ৰেছ কৰ্মীসকল মন্দিৰ মাৰ্গ আৰক্ষী থানাৰ বাহিৰত আছে । তেওঁলোকৰ মতে, ভাৰত চৰকাৰ আৰু দিল্লী আৰক্ষীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ভয় কৰে, সেয়েহে তেওঁলোকে তেওঁক আটক কৰা নাছিল আৰু তাৰ পৰিৱৰ্তে ৰণদীপ সুৰজেৱালা আৰু শ্ৰীনিবাস বিভিক গ্ৰেপ্তাৰ কৰিছিল । একাংশ কংগ্ৰেছ কৰ্মীয়ে বিশ্বাস কৰে যে, যদি দিল্লী আৰক্ষীয়ে ৰাহুল গান্ধীক আটক কৰে তেন্তে এইটো এটা ডাঙৰ ঘটনা হ'ব পাৰে । গতিকে কেৱল ভয়ৰ বাবে দিল্লী আৰক্ষীয়ে ৰাহুল গান্ধীক আটক কৰিব নোৱাৰিলে বুলি মন্তব্য কংগ্ৰেছ কৰ্মীৰ ।

কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি অহা কৃষকসকলৰ প্ৰতি কংগ্ৰেছে সদায় সমৰ্থন আগবঢ়াই আহিছে । কৃষি আইনৰ বিৰোধিতাৰে সোমবাৰে বৰ্ষাকালীন অধিৱেশনৰ (Monsoon Session) সময়ত সদনলৈ ট্ৰেক্টৰ চলাই যাত্ৰা কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi)। ট্ৰেক্টৰ চলাই সংসদত উপস্থিত হৈ তেওঁ কৃষকসকলৰ কণ্ঠস্বৰ দমন কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক:কৃষি আইনৰ বিৰোধিতাৰে ট্ৰেক্টৰ চলাই সদনত উপস্থিত ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details