অসম

assam

ETV Bharat / bharat

গণৰাজ্য দিৱসৰ বাবে সাজু দিল্লী আৰক্ষী - দিল্লী আৰক্ষী আয়ুক্ত এচ এন শ্ৰীবাস্তৱে শনিবাৰে দিল্লীৰ গণৰাজ্য দিৱস সমাৰোহৰ সুৰক্ষা দিশৰ সকলোখিনি পৰ্যবেক্ষণ কৰে

৭২ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত দিল্লী আৰক্ষী আয়ুক্ত এচ এন শ্ৰীবাস্তৱে শনিবাৰে এন ডি পি এচ সমস্য়া, চুৰি-চক্ৰ, মহিলাৰ বিৰুদ্ধে অপৰাধ আদিৰে জৰিত অপৰাধীসকলৰ উপৰিও সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত পৰ্যবেক্ষণ কৰে ।

গণৰাজ্য দিৱসৰ বাবে সাজু দিল্লী আৰক্ষী
গণৰাজ্য দিৱসৰ বাবে সাজু দিল্লী আৰক্ষী

By

Published : Jan 17, 2021, 1:40 PM IST

নিউজ ডেস্ক, ১৭ জানুৱাৰী: ৭২ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী । সমগ্ৰ দেশতে গণৰাজ্য দিৱসৰ প্ৰস্তুতি অব্য়াহত আছে । দেশৰ সেনা, অৰ্ধ সামৰিক বাহিনী, আৰক্ষী, ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে সাজু হৈ উঠিছে । বিগত বছৰ সমূহৰ দৰে এইবাৰো ৰাজধানী দিল্লীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব গণৰাজ্য দিৱস । তাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ আৰক্ষী আয়ুক্ত এচ এন শ্ৰীবাস্তৱে শনিবাৰে দিল্লীৰ গণৰাজ্য দিৱস সমাৰোহৰ সুৰক্ষা দিশৰ সকলোখিনি দিশ পৰ্যবেক্ষণ কৰে ।

গণৰাজ্য দিৱসৰ বাবে সাজু দিল্লী আৰক্ষী

এইবাৰ গণৰাজ্য দিৱসত এন ডি পি এচ সমস্য়া, চুৰি-চক্ৰ, মহিলাৰ বিৰুদ্ধে অপৰাধ আদিৰে জৰিত অপৰাধীসকলৰ উপৰিও সন্ত্ৰাসবাদবিৰোধী ব্যৱস্থা গ্ৰহণ কৰি নিৰাপত্তা ব্যৱস্থাৰ দিশটো অধিক কটকটীয়া কৰি তুলিছে ।

শনিবাৰে এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আইন ব্যৱস্থাৰ বিশেষ আৰক্ষী আয়ুক্তৰ লগতে অনুসন্ধানকাৰী বিষয়া সকলো উপস্থিত থাকি এক বৈঠকত মিলিত হয় ।

লগতে পঢ়ক:আইজল অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মীক COIVD-১৯ৰ প্ৰতিষেধক প্ৰদান

ABOUT THE AUTHOR

...view details