নেশ্যনেল ডেস্ক, 24 অক্টোবৰ:আজি পোহৰৰ উৎসৱ দিপাৱলী (Happy diwali 2022) ৷ দিপাৱলীৰ উছাহৰ মাজতে একাংশ জুৱাৰীৰ ৰামৰাজ্য চলিছে বিলাসী হোটেলত (Delhi police arrested high profile gamblers) ৷ দিল্লী আৰক্ষীয়ে এখন বিলাসী হোটেলত অভিযান চলাই মহিলাসহ 29 টা হাই প্ৰফাইল জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
ঘটনা অনুসৰি ক্লাৱ ৰোডৰ হোটেল চিটি ৱেষ্ট এণ্ড নামৰ এখন বিলাসী হোটেলৰ বেংকুৱেট হলত যোৱা কেইবাদিন ধৰি একাংশ সম্ভ্ৰান্ত পৰিয়ালৰ লোকে জুৱা খেলি থকাৰ এক তথ্য লাভ কৰিছিল দিল্লী আৰক্ষীয়ে (Delhi police arrested 29 gamblers) ৷ তাৰপিছৰে পৰা আৰক্ষীয়ে অঞ্চলটোত অভিযান অব্যাহত ৰাখিছিল ৷ কিন্তু হাতে লোটে জুৱাৰী গেংটোক আটক কৰিবলৈ পৰা নাছিল ৷ অৱশেষত সোমবাৰে দিল্লী আৰক্ষীয়ে 7 গৰাকী মহিলাসহ 29 টা কৈ জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
ধৃত জুৱাৰীকেইটা দিল্লীৰ ৰাজৌৰী গাৰ্ডেন, পাঞ্জাৱী বাগ, মডেল টাউন, ৰাজধানী এনক্লেভ, অশোক বিহাৰ, কীৰ্তি নগৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ মহিলাকেইগৰাকীয়ে স্বামীৰ লগত জুৱা খেলিবলৈ গৈছিল বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে ৷