নেচনেল ডেস্ক,২৩ জুলাই:দিল্লী আৰক্ষীৰ মানৱ সৰবৰাহ বিৰোধী গোটে (এটিএইচইউ) বিদেশী মহিলাৰ সৈতে জড়িত এটা পতিতাবৃত্তিৰ চক্ৰ উৎখাত কৰিছে(Prostitution racket busted at Delhi)। আৰক্ষয়ে পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে দহগৰাকী মহিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । দিল্লী আৰক্ষীয়ে শনিবাৰে এই বিষয়ে সদৰি কৰিছে ।
দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ ডিচিপি বিচিত্ৰ বীৰে কয়, দলটোৱে মালৱীয় নগৰত পতিতাবৃত্তিৰ এটা চক্ৰ চলাই থকাৰ তথ্য় লাভ কৰাৰ পাছত এই দলটোৰ সৈতে যোগাযোগ কৰা হয় (DCP Delhi Police Crime Branch Vichitra Veer)। এজন আৰক্ষীৰ জোৱানক সেই স্থানলৈ এজন গ্ৰাহকৰ ৰূপত প্ৰেৰণ কৰা হৈছিল । ইয়াৰ পাছতে চলোৱা অভিযানত পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় ।