নেশ্যনেল ডেস্ক, ১৬ জুলাই: স্বাধীনতা দিৱসৰ পূৰ্বে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে দিল্লী আৰক্ষীয়ে । আকাশমাৰ্গৰ পৰাও কোনেও যাতে আক্ৰমণ কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় ৰাজধানীত পেৰাগ্লাইডাৰ, ইউএভি, ইউএএছ, মাইক্ৰ'লাইট বিমান আৰু হট-এয়াৰ বেলুন আদি উৰুওৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে দিল্লী আৰক্ষীয়ে । দিল্লী আৰক্ষী আয়ুক্ত বালাজী শ্ৰীবাস্তৱে বৃহস্পতিবাৰে এই নিৰ্দেশ জাৰি কৰাৰ কথা জানিবলৈ দিয়ে । এই নিৰ্দেশ শুকুৰবাৰৰ পৰা কাৰ্যকৰী হ'ব ।
বালাজী শ্ৰীবাস্তৱে প্ৰকাশ কৰা বিবৃতিত উল্লেখ কৰা হৈছে যে, এই নিৰ্দেশনা ১৬ আগষ্ট পৰ্যন্ত বলৱৎ হৈ থাকিব । দিল্লীৰ আৰক্ষী আয়ুক্তগৰাকীয়ে জাৰি কৰা এই নিৰ্দেশত উল্লেখ কৰা হৈছে যে, পেৰা-গ্লাইডাৰ, পেৰা-মটৰ, হেং-গ্লাইডাৰ, হেং-গ্লাইডাৰ, ইউএভি, ইউএএছএছ, মাইক্ৰ'লাইট বিমান আদি ব্যৱহাৰ কৰি সন্ত্ৰাসবাদীয়ে সাধাৰণ জনতা, বিশিষ্ট ব্যক্তি আৰু গুৰুত্বপূৰ্ণ সম্পত্তিৰ সুৰক্ষাৰ প্ৰতি ভাবুকি অনাৰ চেষ্টা কৰিব পাৰে বুলি সন্দেহ কৰা হৈছে । সেয়েহে, ফৌজদাৰী প্ৰক্ৰিয়া বিধি, ১৯৭৩ৰ ১৪৪ নং ধাৰাৰ অধীনত পেৰা-গ্লাইডাৰ, পেৰা-মটৰ, জি-গ্লাইডাৰ, ইউএভিএছ, ইউএএছএছ, মাইক্ৰ'লাইট বিমান, হট এয়াৰ বেলুন, সৰু আকাৰৰ বিমান, কোৱাডকপ্টাৰ্ছ পেৰাকপ আদি নিষিদ্ধ কৰা হৈছে ।