নেশ্যনেল ডেস্ক,23 জুলাই: আগন্তক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি দিল্লী আৰক্ষীয়ে গ্ৰহণ কৰিছে বিশেষ সৰ্তকতামূলক ব্যৱস্থা(Independence Day) ৷ অনাগত 26 দিন পৰ্যন্ত ৰাজধানী চহৰখনৰ আকাশ মাৰ্গৰে উৰন্ত বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে সংশ্লিষ্ট প্ৰশাসনে(Delhi Police Ban Use Of Sub-conventional Aerial Vehicles Ahead Of Independence Day)৷ পেৰাগ্লাইডিং,পেৰাম'ট'ৰিং আৰু হেং গ্লাইডিঙৰ লগতে মানৱবিহীন যিকোনো বিমান চলাচলটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৰাজধানী চহৰখনৰ আকাশ মাৰ্গত ৷
forthcoming Independence Day: ৰাজধানী চহৰত কটকটীয়া সুৰক্ষা ব্যৱস্থা - Delhi Police prohibits flying aerial objects
75 সংখ্যক স্বাধীনতা দিৱস সমাগত হোৱাৰ লগে লগে দেশৰ ৰাজধানী দিল্লীত কটকটীয়া কৰি তোলা হৈছে সুৰক্ষা ব্যৱস্থা (Independence Day) ৷ পেৰাগ্লাইডিং,পেৰাম'ট'ৰিং আৰু হেং গ্লাইডিঙৰ ক্ষেত্ৰত ৰাজধানী চহৰখনত জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা ৷ তদুপৰি মানৱবিহীন যিকোনো বিমান চলাচলটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৰাজধানী চহৰখনত(Delhi Police Ban Use Of Sub-conventional Aerial Vehicles Ahead Of Independence Day) ৷
Delhi Police Ban Use Of Sub-conventional Aerial Vehicles Ahead Of Independence Day
তদুপৰি চহৰখনত জাৰি কৰা হৈছে 144 ধাৰা ৷ আইন উলংঘাকাৰীসকলৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে প্ৰকাশিত জাননী যোগে স্পষ্ট কৰি দিছে ৷ কূটাঘাতমূলক কাৰ্যকলাপ যাতে সংঘটিত নহয় সেই দিশলৈ লক্ষ্য ৰাখি দিল্লী প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনাৰ(aerial terror strike) ৷ 16 আগষ্ট পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা ৷
লগতে পঢ়ক:Pakistani drone Spotted in Akhnoor : পাকিস্তানী ড্ৰোণক লক্ষ্য কৰি BSFৰ গুলীচালনা