নিউজ ডেস্ক, 2 অক্টোবৰ: দিল্লী আৰক্ষীৰ জালত পৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ৰ দ্বাৰা ‘ম’ষ্ট ৱান্টেড’ ঘোষণা কৰা আতংকবাদী শ্বাহনৱাজ ওৰফে শ্বৌফী উজ্জমা ৷ শ্বাহনৱাজ মূৰৰ দাম তিনি লাখ টকা ঘোষণা কৰিছিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই ৷ পুণে কাণ্ডৰ পিচৰ পৰা পলাতক হৈ থকা শ্বাহনৱাজ দিল্লীৰ বাসিন্দা আছিল ৷ তেওঁ পেশাত আছিল এজন অভিযন্তা ৷ পুণে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰি তেওঁ দিল্লীত বাহৰ পাতিছিল ৷ দিল্লীতেই তেওঁ পৰিকল্পনা কৰিছিল এক বৃহৎ সন্ত্ৰাসবাদী কূটাঘাতৰ ৷
জানিব পৰা মতে, কিছুদিন পূৰ্বে দেশৰ ৰাজধানী দিল্লীত তিনিটাকৈ আই এছ আই এছ সন্ত্ৰাসবাদীৰ আত্মগোপনৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷ যোৱা মাহত NIAই 4 টা সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ ফটো প্ৰকাশ কৰিছিল ৷ সেই চাৰি সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ ভিতৰত আছিল শ্বাহনৱাজৰ ফটো ৷ তাৰ পাচতেই সন্ত্ৰাসবাদীৰ সন্ধানত আৰম্ভ কৰা হৈছিল অভিযান ৷ এই অভিযানৰ মাজতে সোমবাৰে আৰক্ষীৰ জালত পৰে শ্বাহনৱাজ ৷ বিশেষ তদন্তকাৰী কোষে শ্বাহনৱাজক জেৰা চলোৱাৰ পিচত তিনি-চাৰিজন সন্দেহৰ ভিত্তিত সোধা-পোছাৰ বাবে আটক কৰিছে ৷ ইয়াৰে এটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক দিল্লীৰ বাহিৰৰ পৰা আটক কৰা হৈছে ৷ বৰ্তমানলৈকে তিনিটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ৷