নিউজ ডেস্ক,৪ মাৰ্চ: দিল্লীকে ধৰি একাংশ চহৰত দিনক দিনে বৃদ্ধি হৈছে চিলনী চোৰৰ সংখ্যা । বিভিন্ন ব্যক্তিৰ পৰা ম’বাইল কাঢ়ি নিয়া, যুৱতী-মহিলাৰ ডিঙিৰ পৰা চেইন চুৰি কৰি লৈ যোৱা আদি বিভিন্ন অপৰাধজনিত ঘটনাত জড়িত হৈ পৰিছে একাংশ দুৰ্বৃত্তৰ দল । এইবাৰ এই চিলনী চোৰৰ বিৰুদ্ধে কঠোৰ হৈছে দিল্লী আৰক্ষী ।
দিল্লী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ চিলনী চোৰ - দিল্লীৰ ৰাজোৰী গাৰ্ডেন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৫ টাকৈ চিলনী চোৰ
পশ্চিম দিল্লীৰ ৰাজৌৰী গাৰ্ডেন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৫ টাকৈ চিলনী চোৰক । তেওঁলোকৰ বিৰুদ্ধে ৫০ টাকৈ গোচৰ ৰুজু হৈ আছে বিভিন্ন থানাত ।
![দিল্লী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ চিলনী চোৰ দিল্লী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ৫টা দুধৰ্ষ চিলনী চোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10863322-1082-10863322-1614833014192.jpg)
দিল্লী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ৫টা দুধৰ্ষ চিলনী চোৰ
দিল্লীৰ ৰাজৌৰী গাৰ্ডেনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৫ টা দুৰ্ধৰ্ষ চিলনী চোৰ । পশ্চিম দিল্লীৰ উপ আৰক্ষী আয়ুক্তই টুইটযোগে জনোৱা মতে ৫০ টাকৈ অপৰাধজনিত ঘটনাৰ গোচৰত অভিযুক্ত আটাইকেইটা চোৰ । আৰক্ষীয়ে দলটোৰ পৰা গুলীসহ এটা পিষ্টল, এখন ছুৰী, দুখন স্কুটী, দুখন মটৰ চাইকেল আৰু ১১ টা চুৰি ম’বাইল জব্দ কৰে ।
লগতে পঢ়ক:তাজমহলত বোমাতংক
TAGGED:
Delhi police news