নেশ্যনেল ডেস্ক,5 জানুৱাৰী: চাইল্ড পৰ্ণ’গ্ৰাফী ভিডিঅ’ চোৱা আৰু সমাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ অপৰাধত দিল্লী আৰক্ষীয়ে এজন পিজ্জা ডিলিভাৰী বয়, বাণিজ্যৰ স্নাতক ছাত্ৰ আৰু আই টি কৰ্মীকে ধৰি পাঁচজনকৈ লোকক আটক কৰিছে ৷ আটকাধীন লোককেইজন হ’ল- উমৰ আলম, সন্তোষ কুমাৰ, ৰামবাবু কুমাৰ, দেবেন্দ্ৰ আৰু আব্দুল ৰহমান ৷ অভিযুক্ত আটাইকেইগৰাকীয়ে চাইল্ড পৰ্ণ’গ্ৰাফী ভিডিঅ’ ডাউনলোড কৰি ৱেব আৰু সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ৷
আৰক্ষী উপ-আয়ুক্ত অন্বেষ ৰয়ে জনায় যে, দিল্লী আৰক্ষীৰ বিশেষ শাখাই ‘মাচুম’ অভিযানৰ অধীনত পৰ্ণ’গ্ৰাফী ভিডিঅ’ বিতৰণ আৰু বিক্ৰীৰ সৈতে জড়িত লোকসকলক আটক কৰাৰ বাবে যুটীয়া কমিটি গঠন কৰিছে ৷ পৰৱৰ্তী সময়ত আটকাধীন যুৱককেইজনে বিভিন্ন পৰ্ণ’গ্ৰাফী ভিডিঅ’ সামাজিক মাধ্যম আৰু দিল্লীৰ আই টি কৰ্মীৰ দ্বাৰা লাভ কৰা বুলি জানিবলৈ দিয়ে ৷