নেশ্যনেল ডেস্ক, ৬ মে':দেশজুৰি কৰ'ণাৰ সংক্ৰমণ অব্যাহত আছে । সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক । বুধবাৰৰ তুলনাত পেট্ৰ'লত ২৫ পইচা আৰু ডিজেলত ৩০ পইচাকৈ বৃদ্ধি হৈছে । এই বৃদ্ধিৰ পিছত ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হৈছে ৯০.৯৯ টকা আৰু ডিজেলত ৮১.৪২ টকা ।
পুনৰ দেশত পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি
বৃহস্পতিবাৰে দেশত বৃদ্ধি পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য । পেট্ৰ'ল আৰু ডিজেলৰ প্ৰতি লিটাৰত বৃদ্ধি ক্ৰমে ২৫ পইচা আৰু ৩০ পইচা । এই বৃদ্ধিৰ পিছত ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হৈছে ৯০.৯৯ টকা আৰু ডিজেলত ৮১.৪২ টকা ।
পুনৰ দেশত পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য বৃদ্ধি
আনহাতে, মুম্বাইত পেট্ৰ'লৰ প্ৰতি লিটাৰৰ মূল্য হৈছে ৯৭.৩৪ টকা আৰু ডিজেলত ৮৮.৪৯ টকা । চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ক্ৰমে ৯২.৯০ টকা আৰু ৮৬.৩৫ টকা । কলকাতাত আকৌ প্ৰতি লিটাৰ পেট্ৰ'লত ৯১.১৪ টকা আৰু ডিজেলত ৮৪.২৬ টকা ।
লগতে পঢ়ক:মিৰাটৰ কাৰাগাৰৰ পৰা পেৰলত মুকলি কৰা হ'ব প্ৰায় ২৮০ গৰাকী কয়দীক