নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ: যানবাহনৰ পৰা নিৰ্গত ধোঁৱা, কাষৰীয়া অঞ্চলৰ খেতিপথাৰত শস্য জ্বলাই দিয়াৰ ফলত হোৱা প্ৰদূষণে প্ৰতি দিনে হাৰাশাস্তি ভোগাই আহিছে দিল্লীবাসীক । প্ৰদূষিত বায়ু সেৱন কৰি ইতিমধ্যে ৰাজধানী চহৰখনৰ বহু লোক, শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে । কিন্তু দিল্লীত প্ৰদূষণ হ্ৰাস কৰাৰ কোনো স্থায়ী সমাধান এতিয়াও নাই(Delhi air pollution issue) । বিগত কেইবাদিনো প্ৰদূষণৰ বাবে দিল্লী-এনচিআৰৰ বায়ুৰ গুণগত মানৰ অৱনতি হোৱা দেখা গৈছে(Delhi AQI in very poor category) ।
ইয়াৰ মাজতে বৃহস্পতিবাৰে চিষ্টেম অৱ এয়াৰ কোৱালিটী এণ্ড ৱেদাৰ ফৰকাষ্টিং এণ্ড ৰিছাৰ্চে প্ৰকাশ কৰা এক তথ্যই আশাৰ বতৰা কঢ়িয়াই আনিছে দিল্লীবাসীলৈ । চিষ্টেম অৱ এয়াৰ কোৱালিটী এণ্ড ৱেদাৰ ফৰকাষ্টিং এণ্ড ৰিছাৰ্চৰ তথ্য অনুসৰি, ২৭ নৱেম্বৰৰ পৰা বায়ুৰ গুণগত মান উন্নত হোৱাৰ সম্ভাৱনা আছে । লগতে বৃহস্পতিবাৰে আৰু শুকুৰবাৰে ৰাজধানী চহৰখনত বায়ুৰ গুণগত মান 'অতি দুৰ্বল' শ্ৰেণীতে থাকিব বুলি আগজাননী দিয়া হৈছে(Air quality in Delhi-NCR) । এই তথ্য অনুসৰি, পিএম 2.5 হৈছে মুখ্য প্ৰদূষক ।
পৰৱৰ্তী তিনি দিনৰ বাবে স্থানীয় পৃষ্ঠৰ বতাহ তুলনামূলকভাৱে কম হৈ থাকিব ফলত প্ৰদূষকৰ বিচ্ছুৰণ হ্ৰাস পাব । সেয়ে, বায়ুৰ মান উন্নত নহ'ব । কিন্তু ২৭ নৱেম্বৰত, স্থানীয় পৃষ্ঠৰ বতাহ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু সেয়ে, বায়ুৰ মান উন্নত হোৱাৰো সম্ভাৱনা প্ৰকট হৈছে ।