নেশ্যনেল ডেস্ক, ৮ জানুৱাৰী :প্ৰচণ্ড শীতৰ মাজতে দেশৰ ৰাজধানী দিল্লী আৰু সমীপৱৰ্তী অঞ্চলসমূহত শনিবাৰে প্ৰবল বৃষ্টিপাত হোৱা দেখা যায় (Delhi witnessed heavy rainfall) । বজ্ৰপাতৰ লগতে ধাৰাসাৰ বৰষুণৰ ফলত প্ৰভাৱিত হয় কেইবাটাও অঞ্চল ৷ বতৰ বিজ্ঞান বিভাগে টুইটযোগে জনোৱা মতে, দিল্লীৰ লগতে কাষৰীয়া অঞ্চল কাৰনাল, পানীপথ, গান্নুৰ, সোনিপত, খাৰখোড়, ঝাজ্জৰ, পালৱাল, উত্তৰ প্ৰদেশৰ বাগপত আৰু ৰাজস্থানৰ তজৰা আদি অঞ্চলতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।
ইফালে শীতৰ মাজতে বৰষুণৰ ফলত দিল্লী আৰু কাষৰীয়া অঞ্চলৰ পাৰাস্তম্ভ অধিক নিম্নগামী হয় । যাৰ ফলত গৃহহীন বা পদপথৰ লোকসকলে বিভিন্ন নিশাৰ আশ্ৰয়স্থলত থাকিবলগীয়া হৈছে । বতৰ বিজ্ঞান বিভাগৰ জাননী অনুসৰি, ৯ জানুৱাৰী পৰ্যন্ত দিল্লীৰ আকাশ ডাৱৰীয়া হৈ থাকিব ।