নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী:যোৱা 26 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰা দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া আৰু কেবিনেট মন্ত্ৰী সত্যেন্দৰ জৈনে মঙলবাৰে দিল্লীৰ মন্ত্ৰীসভাত আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰে (Arrested Ministers Resign) ৷ ইতিমধ্যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মন্ত্ৰী দুগৰাকীৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে (CM Arvind Kejriwal accepted resignations)। শেহতীয়াকৈ বিজেপিয়ে এই দুই মন্ত্ৰী গ্ৰেপ্তাৰৰ পিচতো কেনেদৰে দিল্লী চৰকাৰৰ (Delhi government) অংশ হৈ আছে বুলি আপক উদ্দেশ্য়ি প্ৰশ্ন উত্থাপন কৰিছিল ৷
সম্প্ৰতি চিছোদিয়াই প্ৰায় 18 টা মন্ত্ৰালয় পৰিচালনা কৰি আছিল ৷ ইয়াৰে ভিতৰতে অন্যতম হৈছে স্বাস্থ্য বিভাগ ৷ অৱশ্য়ে দিল্লীৰ স্বাস্থ্য বিভাগৰ কাৰ্যভাৰ প্ৰথমে মন্ত্ৰী সত্যেন্দৰ জৈনক প্ৰদান কৰা হৈছিল যদিও 2022 বৰ্ষৰ মে’ মাহৰ পৰা কেবিনেট মন্ত্ৰী জৈন কাৰাগাৰৰ ভিতৰত থকাৰ বাবে স্বাস্থ্য বিভাগটোৰ কাম কাজ মনীষ চিছোদিয়াই চোৱা চিতা কৰিছিল ।
দেওবাৰে দিল্লী সুৰা কেলেংকাৰীৰ (Delhi liquor scam case) গোচৰত প্ৰায় 8 ঘণ্টাৰ জেৰাৰ অন্তত উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক (Delhi Deputy Chief Minister Manish Sisodia ) গ্ৰেপ্তাৰ কৰিছিল চিবিআইয়ে (CBI arrested Manish Sisodia) ৷ ইফালে কেবিনেট মন্ত্ৰী সত্যেন্দৰ জৈনক ধন ৰপ্তানিৰ গোচৰত তিহাৰ কাৰাগাৰত কাৰাৰুদ্ধ কৰি ৰখা আছে । প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত ২০১৭ চনত দাখিল কৰা চিবিআইৰ এজাহাৰৰ ভিত্তিত 2022 চনৰ মে’ মাহত জৈনক গ্ৰেপ্তাৰ কৰিছিল ।