নিউজ ডেস্ক,৬ ছেপ্টেম্বৰ:জি-২০ সন্মিলনৰ বাবে ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ দিল্লীত পুৱা ৪ বজাৰ পৰা আৰম্ভ হ’ব মেট্ৰ’ সেৱা । দিল্লী মেট্ৰ’ ৰে’ল নিগমৰ কাৰ্যবাহী সঞ্চালক অনুজ দয়ালে সদৰী কৰে এই কথা ৷ তেওঁ কয়, আৰক্ষী আয়ুক্তৰ পৰা পোৱা অনুৰোধ আৰু আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীৰ আয়োজনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে । অহা ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ পুৱা ৪ বজাৰ পৰা পুৱা ৬ বজালৈ ৩০ মিনিটৰ ব্যৱধানত আৰু পুৱা ৬ বজাৰ পিছত সাধাৰণ দিনৰ দৰে মেট্ৰ’ চলিব ।
দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাই দিল্লী মেট্ৰ’ৰ পৰিচালন সঞ্চালকলৈ এখন পত্ৰ লিখি কয় যে অহা ৮, ৯ আৰু ১০ ছেপ্টেম্বৰত পুৱা ৪ বজাত মেট্ৰ’ চলাব লাগে, যাতে সাধাৰণ ৰাইজৰ লগতে কৰ্তব্যৰত আৰক্ষীয়ে কোনো অসুবিধাৰ সম্মুখীন নহয় । যান-বাহন নিষেধাজ্ঞাৰ বাবে নতুন দিল্লী আৰু দক্ষিণ-পশ্চিম দিল্লীত সমস্যাৰ সৃষ্টি হ’ব পাৰে । গতিকে পুৱা ৪ বজাত মেট্ৰ’ চলাব লাগে, যাতে আৰক্ষীয়ে সময়মতে উপস্থিত হৈ কৰ্তব্যত যোগদান কৰিব পাৰে ।