নেশ্যনেল ডেস্ক, 25 জুলাই :ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত কিছু নীতি-নিয়মৰ মাজেৰে লক ডাউন ঘোষণা কৰা হৈছিল ৷ পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ পাচতেই দিল্লীৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (ডিডিএমএ) দিল্লী মেট্ৰ' আৰু ডিটিচি বাছসমূহক 26 জুলাইৰ 100 শতাংশ চলিবলৈ অনুমতি প্ৰদান কৰিছে । পূৰ্বে ক’ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি 50 শতাংশৰ অনুমতি দিয়া হৈছিল । অৱশ্যে এই ঘটনাৰ সংখ্যা হ্ৰাস হোৱাৰ লগে লগে নিষেধাজ্ঞাবোৰ শিথিল কৰা হৈছে ।
বিষয়াসকলে শনিবাৰে জনায় যে, দিল্লী মেট্ৰ'ক 100 শতাংশ চলিবলৈ অনুমতি দিয়া হৈছে ৷ কিন্তু কোনো যাত্ৰীক থিয় হৈ থকাৰ অনুমতি দিয়া নহ'ব । ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় ৰাজধানীত 50 শতাংশ শিথিলতাৰে সৈতে চিনেমা, থিয়েটাৰ আৰু মাল্টিপ্লেক্স খোলাৰ সিদ্ধান্ত লোৱা হৈছে । লগতে 20 জনৰ পৰিৱৰ্তে 100 জন লোকে অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব পাৰিব ।